নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাইত চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বন বিভাগৰ মাজত  পুনৰ গুলীয়াগুলী। যদিও অপৰাধীয়ে নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হয়। কিন্তু বন বিভাগৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা বন্দুকসহ গছ কটাৰ সা-সৰঞ্জাম।

উল্লেখ্য যে বিগত ডিচেম্বৰ মাহতো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ নাগফান্দ এলেকাত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ কঁঠালগুৰি খণ্ডত চোৰাং কাঠ ব্যৱসায়ীৰ সঞ্চালনৰ তথ্য লাভ কৰি দেওবাৰে নিশা বন বিভাগে চলাইছিল এই অভিযান ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱাৰ পিছতো আন্তঃগাঁথনিৰ অভাৱৰ বাবেই দিহিং পাটকাই উদ্যানখন চোৰাং চিকাৰীৰ ৰমৰমীয়া বিচৰণস্থলীত পৰিণত হৈছে সেই কথা গুলীয়াগুলীৰ ঘটনাই পুনৰ প্ৰমাণ কৰিলে।

প্ৰতিবেদকঃ বুলন শইকীয়া

You might also like