দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত স্থানত আৰক্ষীৰ শিবিৰ স্থাপন
নিয়মীয়া বাৰ্তা ৩০ জুনঃ অসমৰ মাটিত নগাই চলাই অহা বেদখলৰ বিৰুদ্ধে এইবাৰ তৎপৰ হৈছে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ৷ নাগালেণ্ডৰ অবাধ বেদখল যে অসমে সদায় সহ্য নকৰে, সেয়া দেখুৱালে অসম চৰকাৰে৷ অসম–নাগালেণ্ড সীমান্তৱর্তী মৰিয়নিৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ১২নং কম্পার্টমেণ্টৰ বালিজান পাহাৰত নগাই চলোৱা বেদখলৰ বিৰুদ্ধে আজিৰে পৰা অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ বালিজান পাহাৰৰ যি স্থানত যোৱা ২৭ মে’ত মৰিয়নিৰ প্রাক্তন বিধায়ক ৰূপজ্যোতি কুর্মীৰ লগতে সংবাদকর্মী আৰু স্থানীয় ৰাইজলৈ লক্ষ্য কৰি নগা দুর্বৃত্তই গুলীচালনা কৰিছিল, সেই স্থানতে মঙলবাৰে গুলীচালনাৰ এমাহৰ পিছত সশস্ত্র অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰে৷ শেহতীয়াকৈ যোৱা ২৭ জুন দেওবাৰে আৰক্ষী বেটেলিয়নৰ সহযোগত নিউ সোণোৱালৰ খণ্ড বন বিষয়া নৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে উক্ত অঞ্চল পৰিদর্শন কৰি নগাই অসমৰ মাটিত পুনৰ বেদখল চলোৱাটো প্রত্যক্ষ কৰে৷ বন বিভাগে সমগ্র বিষয়টো প্রশাসন আৰু আৰক্ষীক অৱগত কৰে৷
তাৰেই পৰিপ্রেক্ষিতত মঙলবাৰে নগাৰ বেদখলৰ বিৰুদ্ধে অসমৰ প্রশাসন তৎপৰ হৈ পৰে৷ জানিব পৰা মতে, নগাই বেদখল কৰা স্থানতে অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰা বাবে কালি সিদ্ধান্ত লোৱা হয়৷ অতি গোপনে এই অভিযান আৰম্ভ কৰাৰ পোষকতা কৰে আৰক্ষী আৰু প্রশাসনে৷ আনহাতে, কালিৰে পৰা নিউ সোণোৱাল অঞ্চললৈ আৰক্ষীৰ জোৱান প্রেৰণৰ কাম আৰম্ভ হয় আৰু আজি পুৱতিনিশা নিউ সোণোৱাল–গাহৰিচোৱাা গডকাপ্ঢানী পথৰ বালিজান দলঙৰ সমীপৰ পৰা আৰক্ষীৰ যাত্রা আৰম্ভ হয়৷ প্রায় ২.৫ কিলোমিটাৰ ভিতৰত পাহাৰৰ ওপৰত নগাই বেদখল কৰা স্থানতে অসম আৰক্ষী বেটেলিয়নৰ শিবিৰ স্থাপন কৰে৷ সেই স্থানতে এক বিস্তৃত এলেকা নগাই খেতিৰ বাবে মুকলি কৰি লৈছিল৷ অত্যাধুনিক মাৰণাস্ত্রৰে সুসজ্জিত হৈ প্রায় ডেৰ শতাধিক অসম আৰক্ষী বেটেলিয়নৰ জোৱানে বাংকাৰ সাজি উক্ত স্থানত অৱস্থান লৈছে৷
তেওঁলোকক সহযোগ কৰিছে ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ লগতে গাঁওৰক্ষী বাহিনী, অর্ধসামৰিক বাহিনী আৰু স্থানীয় ৰাইজে৷ যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় গোস্বামী আৰু হিৰণ্য কুমাৰ বর্মনৰ লগতে তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া নৱনীতা শর্মা, যোৰহাট বন সংমণ্ডলৰ সংমাণ্ডলিক বন প্রাধিকাৰী নন্দ কুমাৰ, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অৰুণ কলিতা, সীমান্ত দণ্ডাধীশ ডাঃ বিশ্বজিৎ বৰা প্রমুখ্যে প্রশাসন, আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত থাকে৷ মৰিয়নি থানাৰ ভাৰপ্রাপ্ত বিষয়া বিদ্যুৎ দত্তৰ লগতে যোৰহাট জিলাৰ কেইবাখনো থানা আৰু আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলকো তাত মোতায়েন কৰা হয়৷ মন কৰিবলগীয়া যে ২৭ মে’ৰ গুলীচালনাৰ ঘটনাৰ প্রতিক্রিয়া স্বৰূপে এদিনৰ পিছতেই
অর্থাৎ ২৮ মে’ত মুখ্যমন্ত্রীৰ নির্দেশমর্মে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিং গুলীচালনা হোৱা ঠাইত উপস্থিত হৈ ঘটনাৰ বুজ লৈছিল৷ ঘটনাস্থলীতে নাগালেণ্ডৰ প্রশাসনিক বিষয়া আৰু আৰক্ষীৰ বিষয়াসকলক এই বিষয়টো মীমাংসা নোহোৱালৈকে সেই স্থানত কোনো ধৰণৰ নির্মাণকার্য নকৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু অসমৰ শীর্ষ আৰক্ষী বিষয়াজনৰ আহ্বানক গুৰুত্ব নিদি বিগত এটা মাহত নগাই অসমৰ মাটিত নতুনকৈ নির্মাণকার্য চলাই গৈছে৷ সেইবাবেই আজি অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ নির্দেশমর্মে নগাৰ বেদখল ৰোধ কৰাৰ পৰিপ্রেক্ষিতত আজি হাতে–কামে লাগিল অসম আৰক্ষী আৰু প্রশাসন৷ লক্ষণীয় যে অসমৰ পৰা যোৱা পথটো ভেটি নগাই অন্য এটা পথ বহলকৈ নির্মাণ কৰিছে৷ নতুনকৈ প্রায় ৫০০ মিটাৰ দূৰত্বৰ পথ নাগালেণ্ডে নির্মাণ সম্পূর্ণ কৰি পেলাইছে৷
ইফালে, মঙলবাৰে অসম আৰক্ষীৰ বিশাল দল উক্ত স্থানত উপস্থিত হোৱাৰ পিছত পিছহুঁহকিবলৈ বাধ্য হয় নগা৷ নগাৰ অবাধ আগ্রাসনৰ বিৰুদ্ধে অসম চৰকাৰে এইদৰে ফেপেৰি পতাৰ বাবে এতিয়া শ’লঠেকত পৰিছে নাগালেণ্ড চৰকাৰ৷ শিবিৰ স্থাপনৰ কিছু সময়ৰ পিছত নাগালেণ্ডৰ এজন সীমান্ত দণ্ডাধীশ আৰু মাংক’লেম্বা মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ লগতে দুজনমান স্থানীয় নগা বিষয়া অসমৰ শিবিৰৰ সমীপলৈ আহি অসমৰ প্রশাসন, আৰক্ষী আৰু বন বিভাগৰ লোকৰ সৈতে আলোচনা কৰি শিবিৰটো উঠাই নিবলৈ অনুৰোধ জনায়৷ কিন্তু অসম চৰকাৰৰ নির্দেশ অনুযায়ী অসমৰ মাটিতহে শিবিৰ স্থাপন কৰা বুলি উল্লেখ কৰি অসমে শিবিৰ প্রত্যাহাৰ কৰিবলৈ অমান্তি হয়৷
নাগালেণ্ডৰ প্রশাসন আৰু আৰক্ষীৰ দলটোৱে সমগ্র বিষয়টো নাগালেণ্ডৰ ঊর্ধ্বতন মহলক অৱগত কৰিব বুলি জানিবলৈ দিয়ে৷ ইফালে এই সন্দর্ভত সীমান্ত দণ্ডাধীশ ডাঃ বিশ্বজিৎ বৰাই জানিবলৈ দিয়া মতে, যি ঠাইত অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰা হৈছে সেই ঠাইডোখৰলৈকে অসমে কোনো কাৰণতে মাটি নাগালেণ্ডক এৰি নিদিয়ে৷ উক্ত স্থানৰ পৰা বহু দূৰতহে অসম–নাগালেণ্ডৰ প্রকৃত সীমা আছে যদিও পর্যায়ক্রমে সেইসমূহৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে৷ আনহাতে, অসম চৰকাৰৰ এনে পদক্ষেপক সাহসী আৰু ইতিবাচক আখ্যা দি অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাই এই কার্যৰ শলাগ লৈছে৷ শেহতীয়াকৈ আজি সন্ধিয়া যোৰহাট আৱর্ত ভৱনত অসমৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এই সম্পর্কত আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হৈছে৷ ইফালে, ঘটনাস্থলীৰ নাতিদূৰৈত অৱস্থিত ভিক’ট’ নগাবস্তিত নাগালেণ্ড আৰক্ষীৰ সশস্ত্র জোৱান মোতায়েন কৰা বুলিও জানিব পৰা গৈছে৷ ফলত সমগ্র অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে৷