ৰেচনকাৰ্ড নথকা দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম নাৰী সকললৈ খাদ্য সামগ্ৰী বিতৰণ আছা, আৱা, গণচেতনা সমাজৰ
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ আজি পুৱা প্ৰায় ১১ বজাৰ পৰা নাওহলীয়া অঞ্চলৰ পাৰ্বতীপুৰ চাহ বাগিচা শ্ৰমিক ক্লাৱ প্ৰাংগণত ৰেচনকাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলা, বিশেষভাৱে সক্ষম আৰু বিধৱা মহিলা তথা আশ্ৰয়হীন লোকক “পাঝৰা” নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ দুলীয়াজান আঞ্চলিক সমিতি, আদিবাসী মহিলা সন্থা(আৱা)ৰ দুলীয়াজান আঞ্চলিক সমিতিসহ গণ চেতনা সমাজৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । এই সন্দৰ্ভত আছা আৰু আৱা-ৰ দুলীয়াজান আঞ্চলিক সমিতিৰ বিষয়-ববীয়া সকলে সংবাদ মাধ্যমক জনোৱা মতে সম্প্ৰতি কৰ’না মহামাৰী ভয়াবহ সংক্ৰমণৰ দ্ৰুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লকডাউন ঘোষণা আৰু কাৰ্ফিউ বলৱৎ কৰাৰ পৰিপ্ৰেক্ষিতত নিজ নিজ গৃহতে আৱদ্ধ থাকি চৰম খাদ্য সংকটত ভোগা এই অসহায় দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ হিতৰ বাবেই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আগবঢ়াই “পাঝৰা” নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ ব্যৱসায়িক পুঁজি পৰিচালনা গোটে ৷
বৰ্তমান পৰিস্থিতিৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখি সামাজিক দূৰত্বৰ অৱস্থান বৰ্তাই আজি নাওশলীয়া অঞ্চলৰ বৰগুৰি গাওঁ, জালনী-নাওশলীয়া, জালিয়া বস্তি, ১ নং ৰঙাজান, ২ নং ৰঙাজান, খাড়িয়াবস্তি, পালং লাইন, নগাজানকে ধৰি জালনী চাহ বাগিচা, জুটলিবাৰী চাহ বাগিচাৰ প্ৰায় পাঁচ শতাধিক এনে দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলা, বিশেষভাৱে সক্ষম লোক, বিধৱা নাৰী তথা আশ্ৰয়হীন লোকক চাউলৰ টোপোলাৰ লগতে মচুৰ দাইল, আলু, মিঠাতেল, নিমখ, পিয়াঁজ, চাবোন আদি প্ৰদান কৰে ।
আজিৰ এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সক্ৰিয় সহযোগিতা আগবঢ়াই আছা-ৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক মনোজ ওৰাওঁ, দুলীয়াজান আঞ্চলিকৰ সভাপতি সূৰয গোৱালা, উপ-সভাপতি গৌতম কয়া, ভাৰপ্ৰাপ্ত সম্পাদক নিক’লাছ উৰাং, আৱা- ৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদিকা সংগীতা খাখা, বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থা “পাঝৰা”ৰ কাৰ্যবাহী কৰ্মী লক্ষী চাঙ্গা, আৱা- ৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সভানেত্ৰী জ্যোতি প্ৰভা হৰ’, উপ-সভানেত্ৰী সবিতা ওৰাওঁ, কাৰ্যনিৰ্বাহক সদস্যা ডলী চাঙ্গা, মাগদালী কাণ্ডুলনাৰ লগতে আন কেইবাজনো বিষয়- ববীয়া উপস্থিত থাকে ।