নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেকাপামত হ’প ফৰ চিলড্ৰেনৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত খাদ্যসামগ্ৰী বিতৰণ

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ জোনাই মহকুমাৰ ডেকাপাম অঞ্চলৰ পয়সত্তৰগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত হ’প ফৰ চিলড্ৰেনৰ উদ্যোগত খাদ্যসামগ্ৰী বিতৰণ কৰা হয়। ক’ৰোনা মহামাৰীৰ ফলত চৰকাৰে গ্ৰহণ কৰা লকডাউনৰ বাবে জুৰুলা হোৱা দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আজি ডেকাপাম ডেকামিচিং গাঁৱৰ বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চৰ প্ৰাংগণত বিতৰণ কৰা হয় এই খাদ্য সামগ্ৰী।

বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ ডেকাপামৰ পাষ্টৰ অযোধ্যা দলেই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি হ’প ফৰ চিলড্ৰেনৰ ধেমাজিৰ প্ৰশাসনিক সমন্বয়ক সুশান্ত বসুমতাৰীয়ে কয় বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চৰ প্ৰতিষ্ঠাপক এম এম আথানাচিয়ান য়ুহান-১য়ে মানৱ সেৱাৰ জৰিয়তে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰি শৈক্ষিক পৰিৱেশ উন্নত কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি যোৱা পোন্ধৰ বছৰে বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চৰ অন্তৰ্গত হ’প ফৰ চিলড্ৰেনে কাম কৰি আহিছে বুলি উল্লেখ কৰি ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ৭-৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত খাদ্যসামগ্ৰী বিতৰণৰ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ লগতে লখিমপুৰ আৰু মাজুলী জিলাৰ ৫৯০গৰাকী ছাত্ৰ-ছাত্ৰীকো এই আঁচনিত সামৰি লোৱা হ’ব বুলি বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চৰ ধেমাজি জিলাৰ তত্ত্বাৱধায়ক জগদীশ চুংক্ৰাঙে চমু ভাষণত কয় বিশ্বব্যাপি আতংক সৃষ্টি কৰা ক’ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে চৰকাৰে গ্ৰহণ কৰা লক ডাউনৰ কবলত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

হ’প ফৰ চিলড্ৰেনৰ ধেমাজিৰ বিষয়ববীয়া অৰুণ দলে, অৰুণ দেউৰী,এছ চাৰ্লছ, লালবেম, অ’.পি.খাট, ডেকামিচিং গাঁৱৰ লাট গাওঁবুঢ়া চুমলতা দলে, শিক্ষক সোণাধৰ পাইত উপস্থিত থকা অনুষ্ঠানতে অঞ্চলৰ ৭৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

You might also like