নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত ৫০১৪গৰাকী ভূমিহীনক ভূমি পট্টা বিতৰণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ আজি যোৰহাটৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীৰ বাবে এটা ভাল দিন। এই উপলক্ষে যোৰহাটৰ মুক্তিযোদ্ধা শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত আজি এক অনুষ্ঠান সম্পন্ন হৈ যায়।। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত দুপৰীয়া ১২.৩০ বজাৰ পৰা ভূমি পট্টা বিতৰণ আৰু আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠিত হৈ যায়।

যোৰহাট জিলাৰ পাঁচটাকৈ ৰাজহ চক্ৰৰ ৫০১৪ জন খিলঞ্জীয়া ভূমিহীনক ভূমি পট্টা প্ৰদান আৰু আবণ্টন পত্ৰও বিতৰণ কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ বক্তব্যত বৰদোৱা, বৰপেটাৰ পৰা কাজিৰঙালৈকে বেদখলমুক্ত কৰাৰ  স্থিতিৰ বিষয়েও অৱগত কৰাৰ লগতেই খিলঞ্জীয়াক সম্পূৰ্ণ অগ্ৰাধিকাৰ দি বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলিও উল্লেখ কৰে।

বিগত ৪ বছৰৰ পৰা বৰ্তমানলৈ ১৩,৩৬২ বিঘা মাটি বেদখলমুক্ত কৰি উক্ত মাটি সত্ৰসমূহলৈ পুনৰ ওভতাই দিয়াৰ লগতেই আত্মসহায়ক গোটত জড়িত থকা যুৱকসকলকো কৃষিকৰ্ম কৰিবলৈ মাটি এৰি দি তেওঁলোকক উৎসাহিত কৰিছে।

যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জি ক’ৰাটিকে প্ৰমুখ্যে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ কুমুদ কছাৰী আৰু কৃষি বিপণন পৰিষদৰ পালিত কুমাৰ বৰা উপস্থিত আছিল‌।

You might also like