নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত কৃষি বিষয়া কাৰ্যালয়ত ৮৫গৰাকী কৃষকক ভাৰ্মি বেড বিতৰণ 

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ঢকুৱাখনা, ঘিলামৰা আৰু সোণাৰি চাপৰি কৃষি চক্ৰৰ অন্তৰ্গত ৮৫গৰাকী কেঁচুসাৰ উৎপাদনৰ বাবে আগ্ৰহী কৃষকক আজি কেঁচুসাৰ উৎপাদনৰ আহিলা বিতৰণ কৰা হয় ৷

ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকাই আজি নিজ কাৰ্যালয়ত ঢকুৱাখনা চক্ৰৰ ৪০গৰাকী কৃষকৰ মাজত ভাৰ্মি বেড বিতৰণৰ শুভাৰম্ভ কৰি ইয়াৰ ব্যৱহাৰ আৰু উৎপাদন পদ্ধতিৰ বিষয়ে কৃষক ৰাইজক অৱগত কৰি কৃষকসকলক কৃষি বিভাগৰ লগত যোগাযোগ ৰক্ষা কৰি কৃষকসকলে পাব লগা সুবিধাসমূহ গ্ৰহণ কৰি সফল কৃষক হিচাপে নিজকে চিনাকি দিবলৈ আহ্বান জনায় ৷

লগতে কৃষি বিষয়াগৰাকীয়ে প্ৰথম পৰ্যায়ত মহকুমাটোৰ ১০০জন কৃষকক লৈ এটা হোৱাটছ এপ গ্ৰুপ খুলি কৃষকৰ সমস্যা আৰু সমাধানৰ পৰামৰ্শ সমূহ গ্ৰহণ কৰিবলৈ সুবিধা কৰি দি এই গ্ৰুপৰ জৰিয়তে কৃষকসকলে নিজৰ নিজৰ খেতিপথাৰত হোৱা বেমাৰ আজাৰৰ বিষয়ে জ্ঞাত কৰি তৎক্ষণাত প্ৰতিষেধকৰ ব্যৱস্থা লাভ কৰি উপকৃত হ’ব পাৰিব বুলিও জানিবলৈ দিয়ে ৷

পৰৱৰ্তী সময়ত ঘিলামৰা কৃষি চক্ৰৰ ২৩গৰাকী আৰু সোণাৰি চাপৰি কৃষি চক্ৰৰ ২২ গৰাকী কৃষকৰ মাজত ভাৰ্মি বেড বিতৰণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে ৷

You might also like