মহিলা চিকিৎসকক ধৰ্ষণৰ অভিযোগত সতীৰ্থ চিকিৎসক আটকঃ তদন্তৰ পাছতহে ফাদিল হ’ব প্ৰকৃত সত্য!
নিয়মীয়া বাৰ্তা,২৪জুনঃ অতি মহামাৰী ক’ভিডৰ সময়তে ডিব্ৰুগড়ত সংঘটিত এক ধৰ্ষণৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।তাকো চিকিৎসকৰ দৰে পবিত্ৰ মানব সেৱাত ব্ৰতী হোৱা এগৰাকী চিকিৎসকে নিজ সৰ্তীথ এগৰাকী মহিলা চিকিৎসকৰ শালিনতা হানিৰ লগতে ধৰ্ষণৰ প্ৰচেষ্টা চলোৱাত সৰ্বত্ৰে এতিয়া চাঞ্চল্যৰ স্বৃষ্টি হৈছে।
জানিব পৰামতে ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় সঞ্জীৱনী হস্পিটালৰ ক’ভিড ডিউটিত কৰ্মৰত এজন চিকিৎসকে এগৰাকী মহিলা চিকিৎসকক যোৱা নিশা শালীনতাহানিৰ লগতে ধৰ্ষণ কৰাৰ অপচেষ্টাৰ গুৰুতৰ অভিযোগ উঠিছে।
অভিযোগমতে চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই যোৱা নিশা হস্পিটালৰ ক’ভিড ৱাৰ্ডত কমৰত থকাৰ লগতে সেই নিশা নতুনকৈ যোগদান কৰা যুৱতী চিকিৎসক গৰাকীক কুৰ্কম কৰাৰ অপচেষ্টা চলায়। নতুনকৈ যোগদান কৰা যুৱতী চিকিৎসকগৰাকীৰ পূৰ্বে এগৰাকী চিকিৎসক আছিল যদিও ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে চুটিত আছিল।
উক্ত যুৱতী চিকিৎসক গৰাকীয়ে ইতিমধ্যে আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১২২১/২১ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬/৩২৮ ধাৰাত চিকিৎসক জনক সোধ-পোছৰ বাবে আটক কৰিছে।যুৱতী চিকিৎসকক নিৰ্যাতন চলোৱা চিকিৎসক গৰাকীৰ ঘৰ দাদৰ হাভেলিত বুলি জানিব পৰা গৈছে।