নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে জোনাইতো চিকিৎসকৰ আন্দোলনঃ কেইবাদিনো বন্ধ হৈ পৰিব স্বাস্থ্যসেৱা

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাৰ (AMSA) । দীর্ঘদিনীয়া ১৪ টা দাবীৰ সমাধান বিচাৰি ১৯ অক্টোবৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সংস্থাটোৱে। সংস্থাটোৱে গ্ৰহণ কৰা প্ৰতিবাদৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে জোনাই মহককুমাটোৰ স্বাস্থ্য সেৱা ব্যাহত হ’ব। আন্দোলনৰ সময়ছোৱাত কেৱল মাত্ৰ জৰুৰীকালীন সেৱাহে উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে অসম চিকিৎসা সেৱা সন্থা অবিভক্ত লক্ষীমপুৰ জিলাৰ সাংগঠনিক সম্পাদক তথা জোনাই মহকুমাৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামান আৰু অসম চিকিৎসা সেৱা সন্থা ধেমাজি গোটৰ সমাপতি পুষ্পধৰ দেউৰীয়ে লগতে জানিবলৈ দিয়ে-১৯ অক্টোবৰত সকলো চিকিৎসালয়ৰ বহিৰ্বিভাগত চিকিৎসক সকলে পুৱা ৮ বজাৰ পৰা ১১ বজালৈ চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকে।

একেদৰে ২২ অক্টোবৰত বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাবে বন্ধ থাকিব আৰু ২৬, ২৭ আৰু ২৮ অক্টোবৰ তাৰিখে তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব লগতে অহা ১, ২ আৰু ৩ নৱেম্বৰ তাৰিখে আকৌ তিনিদিনৰ বাবে বৰ্হিবিভাগৰ সেৱা সম্পূৰ্ণভাৱে বন্ধ থাকিব।

উল্লেখ্য যে ১৯ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে নৱেম্বৰ মাহ পৰ্যন্ত ব্যাহত ৰাজ্যৰ চিকিৎসা সেৱাসমূহৰ লগতে জোনাইৰ চিকিৎসা সেৱাসমূহ ব্যহত হোৱাৰ ফলত হয়টো এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ’ব সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলা জোনাই মহকুমাটোত ।

You might also like