মহাবাহু ব্রহ্মপুত্রৰ বুকুত দুঃসাহসিক অভিযানক লৈ তথ্যচিত্র
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ তিনিজন যুৱকে এখন সৰু বাঁহৰ ভুৰত বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা বিশ্বৰ ক্ষুদ্রতম নদীদ্বীপ উমানন্দলৈ যাত্রা আৰম্ভ কৰিছিল৷ আবতৰীয়া বান, ধুমুহা–বৃষ্টিপাত আৰু বিশ্বজোৰা ক’ৰোনাৰ সন্ত্রাসৰ মাজত এই তিনিজন যুৱক ক্রমে শেখৰ বৰদলৈ, ৰিচান দলে আৰু কেমেৰামেন নয়ন বৰদলৈয়ে সফলতাৰে শেষ কৰা এই বাঁহৰ ভুৰৰ যাত্রাৰ Bamboo Rafting) চিত্র সংগ্রহ কৰা হৈছিল৷ কেমেৰামেন নয়ন বৰদলৈয়ে এই যাত্রাৰ ওপৰত প্রস্তুত কৰা চিবুক The Sibuk) গুৱাহাটী প্রেছ ক্লাবত প্রদর্শন কৰা হয়৷ এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্রহণ কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম পর্বতাৰোহণ সন্থাৰ (এএমএ) প্রাক্তন সভাপতি অধিবক্তা সত্যেন শর্মা, স্প’ষ্ট ক্লাইম্বিং এছ’চিয়েচনৰ সভাপতি স্বপ্ননীল বৰুৱা, সাংবাদিক তথা পর্বতৰোহী প্রণয় বৰদলৈয়ে এই দুঃসাহসিক নদী অভিযানৰ চিত্র সংগ্রহ কৰি তথ্যচিত্র নির্মাণৰ প্রচেষ্টাৰ শলাগ লয়৷ অনুষ্ঠানত বিশিষ্ট সমাজকর্মী মনজিৎ মহন্ত, সমাজসেৱিকা মীৰা বৰঠাকুৰ, ৰাজনৈতিক কর্মী দিগন্ত কোঁৱৰ, কমল মেধি, বিমল প্রসাদ চৌধুৰী, অৰূপজ্যোতি দাস আদিয়ে অংশগ্রহণ কৰে৷ অনুষ্ঠানটো পৰিচালনা কৰে অভিযানকাৰী শেখৰ বৰদলৈৰ পিতৃ লাচিত বৰদলৈয়ে৷