“মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে, কংগ্ৰেছ এৰি বিজেপিলৈ নাযাও”-প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতি
নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: পাৰ্বত্য জিলা কাৰ্বি আংলংত প্ৰাক্তন সাংসদ বীৰেণচিং ইংতিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান হোৱাৰ লগতে পুত্ৰ প্ৰাক্তন বিধায়ক ক্লেংডুন ইংতিয়ে এইবাৰ বিজেপিৰ বোকোচাত উঠি ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব বুলি যোৱা ১৩ আগষ্টত এখন দৈনিক বাতৰি কাকতত বাতৰি প্ৰকাশ হোৱাৰ পাছতেই সৰৱ হৈ পৰিছে ক্লেংডুন ইংতি ৷ আজি প্ৰাক্তন বিধায়ক ইংতিয়ে বোকাজানৰ নিজা বাসভৱনত এক সংবাদমেলৰ আহ্বান জনাই কয় যে এয়া ভিত্তিহীন আৰু তেওঁ কংগ্ৰেছ এৰি কেতিয়াও বিজেপিলৈ যোৱাৰ পৰিকল্পনা কৰা নাই ৷
বিজেপি দলৰ এয়া এক ষড়যন্ত্ৰ বুলি কোৱাৰ লগতে ইংতিয়ে উল্লেখ কৰে যে বিজেপি গমনৰ বাবে মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ লগত কোনো ৰুদ্ধদ্বাৰ বৈঠক হোৱা নাই ৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে যদি তেওঁক প্ৰাৰ্থীত্ব আগবঢ়ায় তেন্ত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ আনহাতে বোকাজান বিধান সভা সমষ্টিত খৰছিং ইংতিয়ে কংগ্ৰেছৰ হৈ প্ৰাৰ্থীত্ব দাবী কৰা বুলি বিভিন্ন মহলত চৰ্চা অব্যাহত থকাৰ সময়তে আজি সংবাদ মেলত ইংতিয়ে উল্লেখ কৰে দলৰ শীৰ্ষ নেতৃত্বই যাক প্ৰাৰ্থী দিব তেওঁৰ লগতেই কংগ্ৰেছ দলৰ এজন সক্ৰিয় সদস্য হিচাবে তেওঁ কাম কৰি যাব ৷