ঐতিহাসিক চামগুৰি সত্ৰত তিনিদিনীয়াকৈ দৌল মহোৎসৱৰ আয়োজন
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ: মাজুলীৰ পূৱ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চামগুৰি সত্ৰত বিগত বৰ্ষৰ দৰে এইবছৰো পৰম্পৰাগতভাৱে ১৭ ,১৮,আৰু ১৯ মাৰ্চত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ আয়োজন কৰিছে। এতিয়া সত্ৰবাসীৰ মাজত দেখা গৈছে পাৰ ভঙা উছাহ, প্ৰতিদিনেই চলিছে দিহানামৰ আখৰা । মহিলাসকলে ওলাই আহি সত্ৰৰ প্ৰাঙ্গনত হলি গীতৰ আখৰা কৰাৰ লগতে কৃষ্ণ নৃত্যৰ আখৰা কৰা দেখা গৈছে । এইবাৰো তিনিদিয়াকৈ কাৰ্যসূচী হাতত লৈছে কিন্তু চাৰিদিনতহে সমাপ্ত হ’ব ফলগু উৎসৱ। শ্ৰীকৃষ্ণ দৌল মহোৎসৱত অসম বাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে চামগুৰি সত্ৰ দৌল মহোৎসৱৰ উদযাপন সমিতিয়ে।