শুৱালকুছিত দৌল মহোৎসৱৰ সামৰণি: বাঁহভঙা খেলত হাটীসত্ৰ যুৱ দল আৰু লুইটপৰীয়া মহিলা দল শ্ৰেষ্ঠ
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ বস্ৰনগৰী শুৱালকুছিত আজি দৌল মহোৎসৱৰ সামৰণি পৰে ৷ যোৱা ৬ মাৰ্চৰ পৰা ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ উদ্যোগত অনুস্হিত হোৱা দৌল মহোৎসৱৰ আজিৰ সামৰণি অনুষ্ঠানৰ বিশেষ কাৰ্যসূচী পুৰুষ – মহিলাৰ আকৰ্ষণীয় বাহভঙা খেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ কেবা সহস্ৰাধিক লোকৰ সমাগম ঘটে ৷ আবেলি ৪ বজাৰ পৰা অনুস্হিত বাহভঙা খেলত পুৰুষৰ শাখাত ৬ টা আৰু মহিলাৰ শাখাত ৩ টা দলে অংশ গ্ৰহণ কৰে ৷ খেলখন উদ্বোধন কৰে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে ৷ প্ৰতিযোগিতাত পুৰুষৰ শাখাত হাটীসত্ৰ যুৱদলে প্ৰথম আৰু বৰদীঘী সত্ৰৰ দলে দ্বিতীয় স্হান লাভ কৰে ৷ মহিলাৰ শাখাত লুইটপৰীয়া মহিলা দলে প্ৰথম আৰু হাটীসত্ৰ মহিলা দলে দ্বিতীয় স্হান লাভ কৰে ৷ ইয়াৰ পূৰ্বে আজি পুৱা অনুস্হিত হয় ভকত আৰু আই মাতৃৰ আবিৰৰ অনুস্হান, নগৰত গোহাঁইৰ পৰিভ্ৰমণ, গোহাঁইৰ বিবাহ, পঞ্চমৃত টেকেলি ভঙ্গ, তেলুৱৈ খেলত বগোৱা থলুৱা খেল ৷ প্ৰতিযোগিতাৰ শেষত দৌল উদযাপন সমিতিৰ উপ সভাপতি সনক দাসৰ সভাপতিত্ব অনুস্হিত বটাঁ প্ৰদান সভাত বিজয়ী আৰু বিজেতা দলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ সন্ধিয়া পতাকা অৱতৰণৰে দৌল মহোৎসৱ সমাপ্ত হয় ৷ উল্লেখ্য যে কালি নিশা দৌল মহোৎসৱ উপলক্ষে অনুস্হিত হোৱা সাংস্কৃতিক অনুস্হানত শিল্পী দীক্ষু’ৰ সংগীত পৰিবেশনে উপস্থিত দ্বি সহস্ৰাধিক লোকক আপ্লত কৰে ৷ ইফালে ঈশ্বৰ শ্ৰীশ্ৰীবৰসত্ৰৰ উদ্যোগতো তিনিদিনীয়াকৈ অনুস্হিত দৌল মহোৎসৱৰ আজি সামৰণি পৰে ৷ আজি সামৰণিৰ দিনা নাম প্ৰসংগ, গোহাঁই ফুৰোৱা, কৃষ্ণ প্ৰসাদ গ্ৰহণ , নিশা কৈলাশ তালুকদাৰ আৰু বৈজয়ন্তী নাথ তালুকদাৰৰ নাগাৰা নাম অনুস্হিত হয় ৷
দিলীপ মেধি, শুৱালকুছি ৷