নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংকটকালত অনলাইন শিক্ষাৰ জৰিয়তে পাঠদান ‘দিল্লী পাব্লিক স্কুল যোৰহাট’ৰ

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰী সৈতে যুঁজি থকাৰ বাবে সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাৰ লগতে সম্পূৰ্ণ সমাজ ব্যৱস্থাত এক ব্যাপক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । যাৰ পৰিপ্ৰেক্ষিতত অতি গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত দেশ তথা ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোও আজি সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে ।

দেশজুৰি বলৱৎ হোৱা এই লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশতে প্ৰায় ৩ মাহ ধৰি শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহাৰ পৰা বিৰত থাকিবলগীয়া হৈছে । বহু শিক্ষাৰ্থীয়ে লকডাউনৰ আৰম্ভণিৰে পৰা শিক্ষা লাভৰ সুযোগ লাভ কৰিব পৰা নাই । ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে একাংশ শিক্ষক-শিক্ষয়িত্ৰী তথা সচেতন অভিভাৱক । অৱশ্যে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফলত আজি অনলাইন পাঠ্যক্ৰমৰ যোগেদি শিক্ষাৰ্থীসকল কিছু পৰিমানে হ’লেও উপকৃত হৈছে ।

কিন্তু দেশ তথা ৰাজ্যৰ এনে সংকটৰ সময়ত শিক্ষাৰ্থীসকলে যাতে শিক্ষা লাভৰ পৰা বঞ্চিত নহয়, তাৰ বাবে যোৰহাটৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ‘দিল্লী পাব্লিক স্কুল যোৰহাটে’ কিছু ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । কিছু ব্যতিক্ৰমী চিন্তাৰে দিল্লী পাব্লিক স্কুল যোৰহাটে লকডাউন আৰম্ভ হোৱাৰে পৰা বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে । য’ত ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে বহি শিক্ষা লাভৰ সুযোগ পাইছে ।

ইতিমধ্যে বিদ্যালয়খনে উন্নত মানদণ্ডৰে প্ৰথমটো অনলাইন পৰীক্ষা সম্পন্ন কৰিছে ।

    উল্লেখ্য যে দিল্লী পাব্লিক স্কুল যোৰহাটে পোনপ্ৰথমবাৰৰ বাবে ‘ভাৰচোৱেল ৰেপছ’ডি’ নামেৰে এক অনলাইন গ্ৰীষ্মকালীন শিবিৰৰো আয়োজন কৰে । এই অনলাইন শিবিৰত সাধু কোৱা, খাদ্য প্ৰস্তুতকৰণ, সংগীত, ফটোগ্ৰাফী, আৰ্ট এণ্ড ক্ৰাফ্ট, ৰাজহুৱা বক্তব্যশৈলী, নাট কৰ্মশালা আদিৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰে । লগতে এই শিবিৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত বিদ্যায়তনিক আৰু প্রতিযোগিতা সম্পর্কীয় কৌশল বিকাশৰো চেষ্টা চলোৱা হৈছে ।

 

ইয়াৰোপৰি এই সময়ছোৱাতে বিদ্যালয়খনত বহুতো বিষয় সামৰি ‘ৱেবিনাৰ’ আয়োজন কৰা হয় । য’ত বিদ্যালয়খনৰ কৰ্তৃপক্ষই আমন্ত্ৰণ কৰে ক্ৰীড়া, ফেশ্ব’ন, বিজ্ঞান, সাহিত্য আদি ক্ষেত্ৰত পৃথিৱীৰ বিভিন্ন প্ৰান্তত নিজৰ দক্ষতাৰে প্ৰতিষ্ঠিত বহু অসমীয়া লোকক ।

   কেৱল পাঠ্যক্ৰমৰ শিক্ষাৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি ছাত্ৰ-ছাত্ৰীসকলক এই লকডাউনৰ সময়খিনিত শাৰীৰিক শিক্ষাও প্ৰদানৰ ব্যৱস্থা কৰিছে । বিদ্যালয়খনৰ খেল বিভাগে সময়ে সময়ে বিভিন্ন শাৰীৰিক পাঠ্যক্ৰমৰ ভিডিঅ’ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক ঘৰতে থাকি শাৰীৰিক আৰু মানসিক বিকাশ কৰাত সহায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

জানিব পৰা মতে, বিদ্যালয়খনৰ এই সকলোবোৰ সুকলমে কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে ।

You might also like