নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি বিটিচিলৈ অহাত ভৰিৰ তলৰ মাটি হেৰুৱাব বিপিএফে

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ মাজত আৰু মাত্র ৬টা দিন বাকী থকা অৱস্থাত এতিয়া উত্তাল হৈ পৰিছে বড়োভূমিৰ ৰাজনৈতিক বতাহ৷ বি পি এফক ওফৰাই কোকৰাঝাৰ দখল কৰিবলৈ সর্বশক্তি প্রয়োগ কৰি বি টি আৰত মাৰাথন প্রচাৰ অব্যাহত ৰাখিছে৷  ওদালগুৰি জিলাৰ অন্তর্গত দুটাকৈ পৰিষদীয় সমষ্টিত দুখন বিশাল নির্বাচনী সভাত অংশ লৈ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ লগতে ইউ পি পি এল দলকো ক্ষুৰাধাৰ সমালোচনা কৰে ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা তথা লোকনির্মাণ দপ্তৰৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ ওদালগুৰি জিলাৰ ৩৮নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী বিৰদাও বসুমতাৰীৰ হৈ ওদালগুৰিৰ অতি ভিতৰুৱা খুচুৰাবাৰী হাবি গাঁৱত অনুষ্ঠিত নির্বাচনী সভাত অংশ লৈ মন্ত্রী ড০ শর্মাই কয়– বিটিচিত এতিয়াও সাধাৰণ শ্রেণীৰ লোকে দ্বিতীয় শ্রেণীৰ নাগৰিকৰ দৰে বসবাস কৰিবলগীয়া আৰু তলমূৰ কৰি জীয়াই থাকিবলগীয়া পৰিস্থিতিয়ে বিৰাজ কৰি আছে৷ আমি ভাবিছিলোঁ বিটিচি গঠন হোৱাৰ পাছত অঞ্চলটোৰ সর্বাংগীণ উন্নতি হ’ব৷ সকলো লোকে সম–ধিকাৰ আৰু সমমর্যাদা পাব৷ কিন্তু আমি যাক বিশ্বাসত লৈ পোন্ধৰ বছৰে বিটিচি শাসনৰ বাবে সহায় কৰিলোঁ, তেওঁলোকে বিটিচিৰ নাগৰিকক চৰম অন্যায় কৰিলে৷ চাকৰি–বাকৰিটো দূৰৰে কথা, নিজৰ মাটি–বাৰী ক্রয়–বিক্রয়ৰ ক্ষেত্রতো বছৰ বছৰ ধৰি অনুমতি প্রদান নকৰিলে৷ অসমৰ ভিন্ন প্রান্তত বিজেপি চৰকাৰে দুই লাখ খিলঞ্জীয়া লোকক মাটিৰ পাট্টা প্রদান কৰিলে৷ কিন্তু বিটিচিত কেইজন খিলঞ্জীয়া লোকক বি পি এফে মাটিৰ পাট্টা প্রদান কৰিলে বুলিও প্রশ্ণ কৰে মন্ত্রী ড০ শর্মাই৷

তেওঁ বি টি আৰৰ অন্তর্গত টংলা চহৰত থকা তেওঁৰ এগৰাকী পেহীয়েকৰ প্রসংগ উলিয়াই ভাষণত কয় যে পেহীৰ পৰিয়ালে এতিয়া টংলা এৰি গুৱাহাটীলৈ গৈ থাকিবলৈ লৈছে৷ তেওঁলোকে টংলা এৰি কিয় গুৱাহাটীলৈ গুচি গ’ল বুলি মই প্রশ্ণ কৰাত এতিয়া এই ঠাইখন ভাল নলগা হ’ল বুলি ক’লে৷ কিন্তু নিজৰ জন্ম হোৱা ঠাইখন কিয় ভাল নলগা হ’ল? আমাৰ পেহীৰ দৰেই বহু মানুহে বি টি আৰ এৰি গুৱাহাটী, নলবাৰী, মঙলদৈ আদি অঞ্চললৈ গৈছে৷ কিন্তু যিসকলৰ বি টি আৰৰ বাহিৰত ঘৰ–বাৰী নাই, তেওঁলোকে ক’ত যাব বুলিও ড০ শর্মাই প্রশ্ণ কৰে৷ তেওঁ লগতে বিটিচিত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত বডো–নাবডোৰ ভেদাভেদ শেষ কৰি সকলোকে সম–ধিকাৰ আৰু সম–উন্নয়ন কৰা হ’ব বুলি প্রতিশ্রুতি প্রদান কৰে৷ মন্ত্রী ড০ শর্মাই বি পি এফৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীক তীব্র কটাক্ষ কৰি কয়– ৰাজ্যৰ এজন কেবিনেট মন্ত্রীৰ গৃহ সমষ্টিত উন্নয়নে স্পর্শ কৰিব পৰা নাই বুলি মই ভবাই নাছিলোঁ৷ মন্ত্রী ড০ শর্মাই লগতে বিটিচিত বি পি এফৰ শাসনকালত এমজিএমৰেগাৰ জবকার্ডৰ কামতো ব্যাপক অনিয়ম আৰু দুর্নীতিৰ অভিযোগ তুলি কয় যে যি জবকার্ড নাগৰিকে নিজৰ হাতত ৰাখি এমজিএমৰেগাৰ কাম কৰাৰ বিনিময়ত পোৱা টকা নিজে ব্যৱহাৰ কৰিব পাৰিব লাগে, সেই জবকার্ড হাগ্রামা মহিলাৰীয়ে বনাই দিয়া ভি চি ডি চিৰ মানুহে নিজৰ ঘৰত ৰাখি তাৰ সৰহসংখ্যক ধন উলিয়াই লৈ যায়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেন্দ্রৰ পৰা পঠিওৱা প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ পাবলৈ দুখীয়া ৰাইজে ঘোচ দিব লাগে৷ বৃদ্ধ পেন্সন, বিধৱা পেন্সন আদি পাবলৈও ভি চি ডি চিক টকা দিবলগীয়া হয়৷ কিন্তু এই অপশাসন আৰু বিটিচিত চলি নাথাকিব৷

বি পি এফক বিশ্বাস কৰি ইমানদিনে ৰাষ্ট্রীয় ৰাজনৈতিক দল বিজেপিয়ে বিটিচিত সোমোৱা নাছিল আৰু কোনো শক্তিশালী ৰাজনৈতিক দল নথকা ঠাইত, গছ নোহোৱা ঠাইত এৰাগছেই বৰগছৰ দৰে আছিল বি পি এফ৷ কিন্তু এতিয়া বিজেপি বিটিচিত অহাৰ পাছত বি পি এফে নিজৰ ভৰিৰ তলৰ মাটিও হেৰুৱাব বুলি মন্তব্য কৰে মন্ত্রী ড০ শর্মাই৷ ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় হাজৰিকাই আঁত ধৰা নির্বাচনী প্রচাৰ সভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ভাষণ প্রদান কৰি বিটিচিত বিজেপিৰ চৰকাৰ হ’লে ট্রিপল ইঞ্জিনৰ ৰে’লগাডীৰ দৰে অঞ্চলটোৰ দ্রুত উন্নয়ন হ’ব বুলি উল্লেখ কৰি বিজেপিৰ পক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়৷ সভাত গহপুৰৰ বিধায়ক উৎপল বৰা, ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়, গোর্খা উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ প্রেম তামাং আদি কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই ভাষণ প্রদান কৰে৷

You might also like