সাহিত্যিক–পদ্মশ্রীঃ ডাঃ মুক্তিপ্রসাদ গগৈৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ প্রখ্যাত চিকিৎসক–বিশিষ্ট সাহিত্যিক পদ্মশ্রী ডাঃ মুক্তিপ্রসাদ গগৈ আৰু নাই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রসূতি–স্ত্রীৰোগ চিকিৎসাৰ অন্যতম কাণ্ডাৰী–বিভিন্ন সুখপাঠ্য ৰচনাৰে পাঠক সমাজৰ মাজত জনপ্রিয়তা লাভ কৰা ডাঃ গগৈয়ে মহানগৰীৰ গীতামন্দিৰস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷ ডাঃ গগৈৰ বিয়োগৰ খবৰে ৰাজ্যৰ চিকিৎসা আৰু সাহিত্য জগতক শোকস্তব্ধ কৰি তুলিছে৷
উল্লেখ্য যে ৰসাল ব্যক্তিত্বৰ অধিকাৰী ডাঃ গগৈৰ ১৯৩২ চনৰ ১ মার্চত জন্ম হৈছিল কৰিমগঞ্জৰ ৰাধাবাৰীত৷ তেওঁৰ পিতৃ আছিল আৰক্ষী বিভাগত কার্যনির্বাহ কৰা ত্রৈলোক্য নাথ গগৈ আৰু মাতৃৰ নাম আছিল জীউতৰা গগৈ৷ পিতৃয়ে দুবছৰ বয়সতে ডাঃ গগৈক লৈ আহে শিৱসাগৰৰ মৰাণহাটত থকা আপোন ঘৰখনলৈ৷ মৰাণ প্রাইমেৰী স্কুলত প্রাথমিক শিক্ষা জীৱন আৰম্ভ কৰা ডাঃ গগৈয়ে ১৯৪৩ চনত ডিব্রুগড় চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নামভর্তি কৰে আৰু তাৰ পৰাই ১৯৪৭ চনত প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়৷ এইবাৰ উচ্চ শিক্ষাৰ বাবে তেওঁ যাত্রা কৰে কলকাতালৈ৷ কলকাতাৰ ৰিপন কলেজৰ পৰা সুখ্যাতিৰে আই এ চি পৰীক্ষাত উত্তীর্ণ হোৱা ডাঃ গগৈয়ে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰাৰ উদ্দেশ্যৰে অসমলৈ উভতি আহি ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত নামভর্তি কৰে৷ কিন্তু অসম চিকিৎসা মহাবিদ্যালয়ত দুবছৰ এম বি বি এছ পাঠ্যক্রম অধ্যয়ন কৰিয়ে তেওঁ পুনৰ উভতি যায় কলকাতালৈ৷
এইবাৰ তেওঁ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত নামভর্তি কৰি তাৰ পৰাই ১৯৫৬ চনত এম বি বি এছ ডিগ্রী লাভ কৰে৷ ১৯৫৯ চনত ডাঃ গগৈয়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ডিজি’ আৰু ১৯৭২ চনত লণ্ডনৰ পৰা এম আৰ চি অ’ জি ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়৷ ১৯৬২ চনৰ ৫ নৱেম্বৰত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রসূতি আৰু স্ত্রীৰোগ বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰি কর্মজীৱনৰ পাতনি মেলে৷ ১৯৬৪ চনত তেওঁ একেটা বিভাগৰ অধ্যাপক হিচাপে পদোন্নতি লাভ কৰি ১৯৭৩ চনৰ ৩১ মে’ পর্যন্ত সেই পদত কার্যনির্বাহ কৰিছিল৷ ইয়াৰ পিছত ১৯৭৩ চনৰ ১ জুনত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রসূতি আৰু স্ত্রীৰোগ বিভাগৰ মুৰব্বী পদত যোগদান কৰি ১৯৮৮ চনলৈ কার্যনির্বাহ কৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রসূতি আৰু স্ত্রীৰোগ বিভাগত কেইবাটাও নতুন দিশৰ সংযোজনৰ মূল হোতা ডাঃ গগৈয়ে কর্মব্যস্ততাৰ মাজতো ১৯৭৬ চনত ফেল’ অৱ দ্য ৰয়েল কলেজ অৱ অবষ্ট্রেটচিয়ানছ এণ্ড গাইন’ক’লজিষ্টছ (এফ আৰ চি অ’ জি), ১৯৮৫ চনত ফেল’ টু দ্য নেচনেল একাডেমী অৱ মেডিকেল ছায়েঞ্চেছ (ইণ্ডিয়া) আৰু ১৯৮৬ চনত ফেল’ অৱ দ্য ইণ্ডিয়ান কলেজ অৱ অবষ্ট্রেটচিয়ানছ এণ্ড গাইন’ক’লজিষ্টছ নির্বাচিত হৈছিল৷ প্রখ্যাত চিকিৎসকজনৰ বহুসংখ্যক গৱেষণাপত্র দেশ–বিদেশৰ বহুল সমাদৃত চিকিৎসা বিজ্ঞানৰ জার্নেলত প্রকাশ পাইছিল৷
তদুপৰি তেওঁ বিদেশৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত অতিথি অধ্যাপক হিচাপেও অংশগ্রহণ কৰিছিল৷ ডাঃ গগৈয়ে কলকাতা, দিল্লী, পাটনা, কটক, গুৱাহাটী, ডিব্রুগড়, বঢ়মপুৰ, চম্বলপুৰ, ৰাঁচী, চণ্ডীগড় আদি বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ পৰীক্ষক হিচাপেও আমন্ত্রিত হৈছিল৷ ১৯৮৫ চনত তেওঁক এম আৰ চি অ’ জি পৰীক্ষাৰ পৰীক্ষক হিচাপে লণ্ডনলৈ আমন্ত্রণ কৰা কৰা হৈছিল৷ চিকিৎসাৰ ক্ষেত্রখনত দেখুওৱা অসাধাৰণ বুৎপত্তিৰ সমান্তৰালভাৱে সাহিত্যৰ জগততো তেওঁ নিজ প্রতিভাৰে উভতি উঠিছিল৷ ৰসাল ৰচনা, উপন্যাস, প্রবন্ধ, ৰন্ধন সম্পর্কীয় ব্যতিক্রমী তথা সুখপাঠ্য লেখাৰে পাঠকৰ মাজত প্রভূত জনপ্রিয়তা অর্জন কৰিছিল ডাঃ গগৈয়ে৷ তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ ভিতৰত বগী বাইদেউৰ বিয়া, হিমালয়ত উঠা আৰু অন্যান্য প্রবন্ধ, শেষ নোহোৱা সপোনবোৰ আৰু অন্যান্য প্রবন্ধ, ব্রনমাই, কণমাই আৰু পাণভোজন অন্যতম৷ চিকিৎসা ক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ১৯৮৪ চনত তেওঁক প্রদান কৰা হৈছিল দেশৰ চতুর্থ সর্বোচ্চ অসামৰিক সন্মান পদ্মশ্রী৷ আজি ডাঃ গগৈৰ বিয়োগৰ লগে লগে অসম তথা উত্তৰ–পূর্বাঞ্চলত প্রসূতি আৰু স্ত্রীৰোগ চিকিৎসাৰ এটা যুগৰ অৱসান ঘটিল৷