নতুন দলক বাৰিষাৰ বেংৰ লগত তুলনা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনৰ
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ দেশৰ আন চাৰিখন ৰাজ্যৰ লগতে অসমৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যত নিৰ্বাচনী কুচকাৱাজেৰে ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলবোৰ। ইতিমধ্যে অসমত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নামৰ দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছে আৰু ৰাজ্যৰ বিভিন্ন ঠাইত মেল মিটিঙ অনুষ্ঠিত কৰি আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ।কিন্ত বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে নতুন আঞ্চলিক দল দুটাক বাৰিষাৰ ভেকুলীৰ লগত তুলনা কৰি কয় যে বাৰিষা পথাৰত বেঙে কণী পাৰিবই, কিন্ত খৰালি নাইকীয়া হৈ যাব।
বাৰিষাৰ বেংৰ দৰেই নতুন দল বিলাক নিৰ্বাচনৰ চমক মাত্ৰ। এটাও বিধানসভা সমষ্টিত জয়লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। আজি বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত দেউপানী পৰিষদীয় সমষ্টিত বিজেপি দলৰ অবিচি মৰ্চাৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰি বিধায়ক মমিনে কয় যে এইবাৰ বিজেপি সান্দ্ৰেদ পাৰ, বিৰোধী হাহাকাৰ।
বিজেপি চৰকাৰৰ উন্নয়ন মূলক কামৰ বাবেই আগন্তুক নিৰ্বাচনত বিজেপি দলে বৃহৎ জয় লাভ কৰিব। নিজ সমষ্টিত তেওঁৰ কাৰ্যকালত ইমানেই বেছি বাট পথ দলং আদিৰ কাম হৈছে যে বহু বাট পথ উন্মোচন কৰিবলৈ সময় দিব পৰা নাই সেই বাবে পূৰ্বৰ কাম নকৰা, টোপনিত থকা বিধায়ক ক্লেঙডুন ইংতিকে সমষ্টিলৈ নিমন্ত্ৰণ কৰি উন্মোচন কৰাৰ সুবিধা কৰি দিয়া হওক বুলি কটাক্ষ কৰে নোমল মমিনে।