নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ড্ৰাইভাৰ সন্থাৰ উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ ৰূপহীহাটত ড্ৰাইভাৰ সন্থাই আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লাইলুৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অপহৰণ কৰাৰ অভিযোগত দুই জন ড্ৰাইভাৰক আটক কৰাক লৈ এই প্ৰতিবাদী কাৰ্যসূচী । ৭ অক্টোবৰৰ সন্ধিয়াত ৰূপহী চাৰিআলি টেম্পো ষ্টেণ্ডৰ পৰা যাত্ৰীবাহী টেম্পোত উঠি কিশোৰীগৰাকীয়ে ঘৰলৈ যায়। লাইলুৰীৰ পৰা উভতি আহোঁতে ৰাইজে অপহৰণ কৰি নিয়াৰ সন্দেহত আটক কৰি আমবাগান আৰক্ষীক গতাই দিছিল টেম্পো চালকজনক। পৰৱৰ্তী সময়ত আমবাগান আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আন এজনক আটক কৰি সোধাপোচা কৰি দুইজনকেই গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। এইফালে আমবাগান আৰক্ষীৰ বিৰূদ্ধে গোচৰ তদন্ত নকৰি জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ অভিযোগ তুলি ৰূপহী ড্ৰাইভাৰ সন্থাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। নগাঁও অভিমুখৰ পৰা আহি হাবিবুৰ ৰহমান নামৰ লোকজনৰ গাড়ীত উঠিছিল কিশোৰীজনী। লাইলুৰী যোৱাৰ গাড়ী বুলি দেখুৱাই দিছিল ছফিকুল ইছলাম নামৰ আন এজন ড্ৰাইভাৰে যাৰ সন্দেহত দুয়োকে আমবাগান আৰক্ষীয়ে 372/22U/S 366/34IPC POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে। নগাঁৱৰ আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায় ড্ৰাইভাৰ সন্থাই।

প্ৰেৰক জহিৰুল ইছলাম

You might also like