বান্দৰদেৱা আৰক্ষীৰ সফলতা; ড্ৰাগছসহ এজন আটক
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱতী বান্দৰদেৱাত দীৰ্ঘদিনৰ পৰা মাৰাত্মক ড্ৰাগছ সৰবৰাহ অব্যাহত আছে৷ এই মাৰাত্মক ড্ৰাগছৰ বিৰূদ্ধে বান্দৰদেৱা আৰক্ষী চকী আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰখা মাজতে ড্ৰাগছ সৰবাহকাৰীৰে আৰক্ষীক চেলেঞ্জত লৈ অতি গোপনে ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে৷ ইফালে বান্দৰ দেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নৃপন গগৈৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানত পুনৰ আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ জালত পৰে ২নংপাৰ্বতী পুৰ গাৱঁৰ পৰা দিব্য পাতিৰ লোকজন৷ আৰক্ষীয়ে ড্ৰাগছ সৰবাহকাৰী পাতিৰৰ পৰা ৯৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,এটা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছ, ৩ পেকেট আৰু এটা মোবাইল ফোন জব্দ কৰে। বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপেন গগৈৰ নেতৃত্বত চলিছিল এই অভিযান ৷