ধুবুৰীৰ ঝগৰাৰপাৰত নিচাযুক্ত ঔষধসহ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত
নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰৰ ডোংগেৰপাৰ অঞ্চলত স্থানীয় যুৱক আৰু ভিডিপিয়ে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, অঞ্চলটোত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আজি ‘‘যুৱ সমাজ সংস্কাৰ সমিতি’’ আৰু ভিডিপিয়ে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফচিৰাপসহ মহিলা ড্ৰাগচ সৰবৰাহকাৰী এগৰাকীক হাতে-লোটে কৰায়ত্ব কৰে আৰু ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক গতাই দিয়ে। কিছুদিন পূৰ্বে নিচাযুক্ত দ্ৰব্যসহ মহিলাগৰাকীৰ স্বামীও আৰক্ষীৰ জালত পৰিছিল বুলিয়েই প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী