নামনি অসমৰ ড্রাগ্ছ মাফিয়া আয়তুল আলীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ নামনি অসমৰ কুখ্যাত ড্রাগছ ব্যৱসায়ী আয়তুল আলীক শনিবাৰে ৰঙিয়া আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ৰঙিয়া থানাৰ নৱনিযুক্ত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অনিল মৰাণৰ নেতৃত্বত আৰু তুলসীবাৰী আৰক্ষী চকীৰ সহযোগত আৰক্ষীৰ এটি দলে তুলসীবাৰী বজাৰত তালাচী চলাই ড্রাগছ ব্যৱসায়ী আয়তুলক কৰায়ত্ত কৰে৷ ধৃত ব্যৱসায়ীজনৰ পৰা ৮টা কণ্টেইনাৰত প্রায় ৮ লাখ টকা মূল্যৰ ব্রাউন ছুগাৰ আৰু ড্রাগ্ছ সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০১ ই এম ১৬৩৩ নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰে৷ ১০টা ছিৰিঞ্জ, ৩টা ম’বাইল, ১০খন এটিএম কার্ড আৰু ৩০টা নিচাযুক্ত টেবলেট জব্দ কৰে৷
ৰঙিয়া থানাৰ অ’চি মৰাণে জানিবলৈ দিয়া মতে ধৃত বালাগাঁও নিৱাসী আয়তুলে দীর্ঘদিন ধৰি ৰঙিয়াৰ লগতে নামনি অসমৰ বিভিন্ন ঠাইত ড্রাগ্ছ ব্যৱসায় চলাই আহিছিল৷ মণিপুৰ আৰু ম্যানমাৰৰ পৰা ড্রাগ্ছ ক্রয় কৰি ড্রাগছ সৰবৰাহকাৰীৰ জৰিয়তে বিক্রী কৰি আহিছিল৷
শেহতীয়াভাৱে আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই থকা সময়ত আয়তুলে পলায়ন কৰি আত্মগোপন কৰি আছিল৷ এনে সময়তে শনিবাৰে দিনৰ ভাগত ড্রাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে তালাচীৰ সময়ত কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ সম্প্রতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে আইতুল আহমেদক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷