নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আৰক্ষীৰে সংঘর্ষত গুলীবিদ্ধ দুর্ধর্ষ ড্রাগছ মাফিয়া মনচুৰ

নিয়মীয়া বাৰ্তা, ২৯ মেঃ সমগ্র ৰাজ্যত ড্রাগছ সাম্রাজ্যৰ শিপা ইমান গভীৰলৈ বিয়পি আছে যে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানেও তাৰ আঁত পাবলৈ সক্ষম হোৱা নাই৷ অসমত দীর্ঘদিনৰ পৰা চলি থকা এই বিয়াগোম ক’লা সাম্রাজ্য উৎখাত কৰিবলৈ যোৱা দিনকেইটাত সর্বশক্তিৰে নামি পৰিছে আৰক্ষী বাহিনী৷ এই সময়ছোৱাত অভিযানকাৰী আৰক্ষীৰ সন্মুখত আহি পৰিছে আশ্চর্যজনক কেতবোৰ তথ্য৷ এই তথ্য অনুসৰি ম্যানমাৰৰ পৰা মণিপুৰ হৈ অসমলৈ অহা ড্রাগছ বিক্রীৰ দায়িত্বত নিয়োজিত হৈ আছে অসমৰ বহুসংখ্যক জীয়াৰী–বোৱাৰী৷ আনকি একো একোটা পৰিয়ালৰ জীৱিকাৰ প্রধান সম্বলত পৰিণত হৈছে নিষিদ্ধ নিচাযুক্ত সামগ্রীৰ ব্যৱসায়৷ মহিলা পেডলাৰৰ জৰিয়তে বিয়পি পৰা এই নেটৱর্কে ৰাজ্যখনৰ নতুন প্রজন্মটোৰ এটা বৃহৎ অংশক নিশ্চিত ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷ ‘লেডী ডন’ৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বহু সময়ত বিপদতো পৰিলবগীয়া হৈছে আৰক্ষী৷ অসমৰ চুকে–কোণে ড্রাগছৰ ব্যৱসায় বিয়পাই দিবলৈ মহিলা–যুৱতীক ড্রাগছ মাফিয়াসকলে ব্যৱহাৰ কৰা ঘটনাই ৰাজ্যৰ গৃহ বিভাগকো চিন্তিত কৰি তুলিছে৷

উল্লেখ্য যে ২০২০ চনৰ ২৯ জুলাইত পল্টনবজাৰত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল মণিপুৰৰ সংগীতাৰাণী দেৱী নামৰ মহিলাগৰাকীক৷ তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগছৰ লগতে ৭৪ লাখ টকাৰ নগদ ধনো জব্দ কৰা হৈছিল৷ সেই সময়ত কোৱা হৈছিল যে অসমত চলি থকা ৯০ শতাংশ ড্রাগছ ব্যৱসায়ৰ লগতে এই মহিলাগৰাকী জড়িত৷ সেই বাবেই ৰাজ্যপালে অভিযুক্ত সংগীতাৰাণী দেৱীয়ে এবছৰলৈ জামিন পাব নোৱাৰাকৈ তেওঁক কাৰাগাৰলৈ প্রেৰণ কৰে৷ পৰৱর্তী সময়ত এই গোচৰটো নার্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’লৈ হস্তান্তৰ কৰা হয়৷ কিন্তু সংগীতাৰাণী দেৱী নামৰ ‘লেডী ডন’গৰাকীৰ গ্রেপ্তাৰৰ পাছতো অসমৰ ড্রাগছ সাম্রাজ্য পূর্বৰ ৰূপতে চলি থাকে৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত আৰক্ষীয়ে এই নেটৱর্ক উৎখাত কৰিবলৈ সর্বশক্তি প্রয়োগ কৰিছে৷

শুকুৰবাৰে মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰা মতে, কালিৰ দিনটোত ড্রাগছ ব্যৱসায় সন্দর্ভত মুঠ ২৫টা গোচৰ ৰুজু হোৱাৰ লগতে গ্রেপ্তাৰ হৈছে ৩৮জন সৰবৰাহকাৰী৷ অভিযানৰ সময়ত আৰক্ষীয়ে ৫২৬.৬১ গ্রাম হেৰ’ইন, ৫ কেজি গাঞ্জা, ৫৯ বটল কফ ছিৰাপ, ৩৪,৮০০ টেবলেট, ৭ গ্রাম মৰফিন আৰু ৩.৮৯ লাখ টকা জব্দ কৰে৷ ইফালে গুৱাহাটীতো শুকুৰবাৰে ক্রাইম ব্রাঞ্চে লালগণেশৰ পৰা জিণ্টু মণ্ডল (২৫) নামৰ এজন ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা ৬ গ্রাম নিচাযুক্ত সামগ্রীৰ লগতে ১.৭০ লাখ টকাও জব্দ কৰে৷ গড়চুকতো আৰক্ষীয়ে ৯টা কনটেইনাৰ, নগদ ১০ হাজাৰ টকাসহ বেলুৱা বেগম, আমিৰ আলী আৰু দ্বীপেন বর্মন নামৰ সৰবৰাহকাৰীকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

You might also like