নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহ।বুধবাৰে পুনৰ চিৰাং আৰক্ষীৰ অভিযানত বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বঙাইগাঁও দিশৰ পৰা বৰপেটা অভিমুখে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে নুৰ ইছলাম(26) আৰু আব্দুল বাৰেক(33) নামৰ সৰবৰাহকাৰী দুটাক। ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে এখন AS-19H-9617 নম্বৰৰ বাজাজ পালছাৰ বাইক, তিনিটা মোবাইল, নগদ 6075 টকাসহ দুই পেকেট ড্ৰাগছ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন 26.13 গ্ৰাম বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ ঘৰ বঙাইগাঁও জিলাৰ কাবাইতাৰীত।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like