ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অব্যাহতঃমৰিগাঁৱ ত আৰক্ষীয়ে দাহন কৰিলে ৪.৮০ কোটি টকাৰ ড্ৰাগছ
নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ জব্দকৃত ড্ৰাগছৰ এই ৰাজহুৱা দাহন কাৰ্যৰ দ্বাৰা আমি সকলো পক্ষকে জনাব বিচাৰিছোঁ যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ যুদ্ধ অব্যাহত আছে আৰু ড্ৰাগছ মাফিয়া, সৰ্বৰাহকাৰী আৰু সেৱনকাৰী সকলো পক্ষ যাতে এই কাৰ্যৰ পৰা আঁতৰি আহে। মৰিগাঁৱ ৰ মানিপুৰ ৰাজহুৱা খেলপথাৰত জব্দকৃত ড্ৰাগছৰ ৰাজহুৱা দাহন কাৰ্যত অংশগ্ৰহণ কৰি এই আহ্বান জনাইছে মৰিগাঁৱ জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে।
উল্লেখ্য মৰিগাঁৱ জিলাৰ বিভিন্ন থানা ত পঞ্জীভূক্ত হোৱা ১০৭ ত গোচৰত জব্দ হোৱা ৪কোটি৮০ লাখ টকাৰ ড্ৰাগছ আজি দাহ কৰা হয় যত আছিল ১৯৮ কিলোগ্ৰাম গানজ্জা, ৫০০.১৬গ্ৰাম হেৰইন,২০০.১২ গ্ৰাম ব্ৰাউন চুগাৰ, ৮৩হাজাৰ নিচাযুক্ত টেবলেট আৰু ৬৩০০ বটল কফ চিৰাপ। আজিৰ এই ড্ৰাগছ ধ্বংস তথা দাহন কায্যসূচীত অংশগ্ৰহণ কৰে মধ্য অসমৰ ডি আই জী ব্ৰজেন জিত চিনহা , আৰক্ষী অধীক্ষক অপৰ্ণা নাতৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা, অতিৰিক্ত উপায়ুক্ত ৰিং খাং মোচাহাৰী , উপ আৰক্ষী অধীক্ষক মৌসুমী দাস প্ৰমুখ্যে স্থানীয় সচেতন ৰাইজে।