সদৌ অসম ছাত্র সন্থাৰ ভুলৰ বাবে গঠন হ’ল জাতি–জনগোষ্ঠীৰ ছাত্র সন্থা
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ অসমত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্রয়োজন হৈ পৰিছে৷ এই সমন্বয় থাকিলে অনাগত দিনত ৩৫ শতাংশৰ যুঁজত ৬৫ শতাংশই অনায়াসে জয়লাভ কৰিব৷ অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনৰ ভুলৰ বাবে বিভিন্ন ভাষা সাহিত্যৰ সভা হ’ল৷ অসম সাহিত্য সভাই অসমীয়া ভাষাকহে গুৰুত্ব প্রদান কৰিলে৷ ফলত অন্যান্য ভাষা–ভাষী আঁতৰি গ’ল৷ তেনেদৰে অসম ছাত্র সন্থাৰ ভুলৰ বাবে অসমত বসবাস কৰা খিলঞ্জীয়া বডো, ৰাভা, তিৱা, মিচিং, কার্বি আদি জাতি–জনগোষ্ঠীৰ ছাত্র সন্থা গঠন হ’ল৷ অসম ছাত্র সন্থাৰ ভুলৰ বাবে জন্ম হৈছিল উপেন ব্রহ্ম, ৰণোজ পেগুৰ দৰে নেতাৰ৷ পূর্বতে ভূমিপুত্র বডোসকলে অনা বডোসকলক নিজৰ ভাতৃ বুলি জ্ঞান কৰিছিল৷ আজি সেইসকল জাতীয় সংগঠনৰ ভুলৰ বাবে নিজৰ অধিকাৰ বিচাৰি আন্দোলন কৰিবলগীয়া হ’ল৷ ফলত স্বায়ত্তশাসিত পৰিষদ গঠন হ’ল৷ গতিকে সাম্প্রতিক সময়ত অসমত সমন্বয়ৰ অতি প্রয়োজন৷ আজি ঘগ্রাপাৰ শ্রীশ্রী হৰিমন্দিৰ প্রাংগণত ভাৰতীয় জনতা পার্টীৰ বডিগোগ বনভাগ মণ্ডল বিজেপিৰ অ’, বি, বি, মর্চাৰ কার্যনির্বাহ সভাত ‘অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অ’ বি চি, অনুসূচিত জাতি, অনুসূচিত জনজাতি অন্যান্য জনগোষ্ঠীৰ মাজত সমন্বয়’ শীর্ষক বত্তৃণতা আগবঢ়াই এনেদৰে মন্তব্য আগবঢ়ায় ৰাজ্যিক বিজেপিৰ উপসভাপতি তথা অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই৷ পুৱা সভাৰ পূর্বে বডিগোগ বনভাগ মণ্ডল সমিতিৰ অ’ বি চি মর্চাৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে পতাকা উত্তোলন কৰে৷ অনুষ্ঠানত ভাৰত মাতা, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু শ্যামা প্রসাদ মুখার্জীৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে অ’ বি চি মর্চাৰ নলবাৰী জিলা সম্পাদক জিতুমণি ৰাজবংশী আৰু বাদল নাথে৷ সম্বর্ধনা অনুষ্ঠানটোৰ আঁত ধৰে মণ্ডল অ’ বি চি মর্চাৰ সাধাৰণ সম্পাদক অশ্বিনী বেজবৰুৱাই৷ কার্যনির্বাহ সভাত আদৰণী ভাষণ দিয়ে বডিগোগ বনভাগ মণ্ডল অ’ বি চি মর্চাৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ সহযোগ কৰে উপ সভাপতি দ্বিজেন দাসে৷ সভাত আত্মনির্ভৰশীল ভাৰত– আত্মনির্ভৰশীল অসম শীর্ষক বত্তৃণতা দিয়ে জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে৷ অসম প্রদেশ বিজেপিৰ অ’ বি চি মর্চাৰ উপসভানেত্রী দীপ্তি নাথ, জিলা প্রভাৰী হিমানী ডেকা, জিলা পৰিষদৰ সদস্য পংকজ ডেকা, সহঃ প্রভাৰী দেৱজিৎ গোস্বামী, কিষাণ মর্চাৰ ৰাজ্যিক কার্যনির্বাহক ধনেশ্বৰ ডেকা, ৰাজ্যিক কার্যনির্বাহক সদস্য তথা বৰক্ষেত্রী সমষ্টিৰ প্রভাৰী ত্রিনয়ন বর্মনে ভাষণ দিয়ে৷ আনহাতে অ’ বি চি মর্চাৰ কার্যনির্বাহক সভাত উপস্থিত থাকে জিলা মহিলা মর্চাৰ উপসভানেত্রী দুলুমণি কলিতা, সম্পাদিকা বিভা বর্মন, বডিগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সম্পাদক বিজয় বর্মন, মৃগেন শর্মা, মনোজ ডেকা, বুবুল দাস, ৰাজ্যিক সমবায় কোষৰ সদস্য ভ্রমৰ মজুমদাৰ, জিলা অ’ বি চি মর্চাৰ সম্পাদিকা বিভাৰাণী দাস, সাধাৰণ সম্পাদক ভবেন দাস, পঞ্চায়ত সভাপতি ৰাতুল শর্মা, কাউন্সিলাৰ মনেশ্বৰ ভৰালী, দলীয় কার্যকর্তা কুশল বৰুৱা, হেমেন ভৰালী আদি বিভিন্ন পর্যায়ৰ কার্যকর্তাসকল উপস্থিত থাকে৷