নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ ভ্রষ্ট সাংবাদিকৰ কাণ্ডত মৃত্যু নিৰীহ পিতৃৰ

কলাইগাঁৱত নির্দোষ কন্যাক প্রশ্ণৰ কাঠগৰাত

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ সামাজিক মাধ্যমত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ কন্যাৰ পৱিত্র সম্পর্কক বিকৃত ৰূপ দি পাঁচজনকৈ স্বয়ম্ভু সাংবাদিক গ্রেপ্তাৰ হোৱাৰ চৌব্বিশ ঘণ্টা পাৰ নৌহওঁতেই কলাইগাঁৱত বৈদ্যুতিন মাধ্যমৰ তিনিজনকৈ সাংবাদিকে সাক্ষ্যগ্রহণৰ নামত এগৰাকী কিশোৰী তথা দশম শ্রেণীৰ ছাত্রীৰ ওপৰত চলোৱা মানসিক আৰু শাৰীৰিক নির্যাতন সহিব নোৱাৰি থিতাতে পিতৃৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রাপ্ত অভিযোগ অনুসৰি, সৰস্বতী পূজাৰ দিনা ওদালগুৰি জিলাৰ ভিতৰতে খ্যাতিসম্পন্ন পশ্চিম শিলপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰন চন্দ্র নাথ নামৰ নৈতিক স্খলন ঘটা বিজ্ঞানৰ শিক্ষকজনে এগৰাকী দশম শ্রেণীৰ ছাত্রীয়ে বিদ্যালয়ৰ কোঠাৰ পৰা পূজাৰ সামগ্রী আনিবলৈ যোৱাৰ সুযোগ বুজি ছাত্রীগৰাকীৰ গাত স্পর্শ কৰে৷ ইপিনে, শিক্ষকজনে স্পর্শ কৰাৰ পিছতে ভুক্তভোগী ছাত্রীগৰাকীয়ে কোঠাৰ ভিতৰৰ পৰা কান্দি কান্দি ওলাই আহি বাহিৰত পূজাৰ যাৱতীয় কাম কৰি থকা আন দুগৰাকী ছাত্রীক সবিশেষ বিৱৰি কয়৷ লগে লগে ঘটনাটো বিদ্যালয়ৰ ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রী, অভিভাৱকসকলৰ মাজত বিয়পি পৰে৷ অৱশ্যে সৰস্বতী পূজাৰ দিনটোত বিদ্যালয়খনত যাতে আৰু কোনোধৰণৰ বিশৃংখল পৰিস্থিতি কিম্বা অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি শিক্ষক–শিক্ষয়িত্রী, অভিভাৱকসকলে সেইদিনাই বুজাপৰাৰে ঘটনাটো মীমাংসা কৰিবলৈ মিলিত হয়৷

আনহাতে, ভুক্তভোগী ছাত্রীগৰাকীৰ অভিভাৱকেও ঘটনাটো যাতে বৰ বেছি বহল নহয়, যি হ’ল সিমানতে অন্ত পেলাবলৈ সন্মতি জনোৱাত সেইদিনাই ঘটনাৰ সামৰণি মাৰে৷ কিন্তু সৰস্বতী পূজাৰ পাছদিনা পুৱা প্রায় ৯.৩০ বজাত কলাইগাঁৱৰ তিনিজন বৈদ্যুতিন মাধ্যমৰ তথাকথিত সাংবাদিকে অহুকাণে পহুকাণে ঘটনাটোৰ বিষয়ে জানিব পাৰি ভুক্তভোগী ছাত্রীগৰাকীৰ ঘৰ নাহৰবাৰীলৈ ঘটনা সন্দর্ভত সাক্ষ্যগ্রহণ কৰিবলৈ যায়৷ ছাত্রীগৰাকীৰ লগতে পিতৃয়েও সেই বিষয়ত কোনো কথা বা অভিযোগ আনিবলৈ অস্বীকাৰ কৰে৷ ভুক্তভোগী ছাত্রীগৰাকীৰ পৰা কোনো অভিযোগ নাপাই যি দুগৰাকী ছাত্রীক ঘটনাটোৰ বিষয়ে সদৰী কৰিছিল, তাৰে এগৰাকীৰ ঘৰলৈ গৈ ঘৰৰ ভিতৰত অকর্তৃত্বশীলভাৱে প্রৱেশ কৰি মুখত ক’লা কাপোৰ বান্ধি অশ্লীল গালি–গালাজ পাৰি ধমকৰ সুৰত কথা কৈ শিক্ষকজনে অপকাণ্ড কৰাটো হয় নে নহয় জানিবলৈ চেষ্টা কৰে৷

ইপিনে, এই সন্দর্ভত অজ্ঞ, একো নজনা ছাত্রীগৰাকীৰ দেউতাক লংকেশ্বৰ কলিতাই হঠাতে নিজ কন্যাক মুখত ক’লা কাপোৰ বান্ধি ধমকৰ সুৰত কথা কৈ থকা দেখি নিজ কন্যাৰ কি হ’ল কি নহ’ল বুলি দিক্বিদিক হেৰুৱাই থিতাতে মূর্ছা যায়৷ লগে লগে ঘৰৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ মাজত হুৱাদুৱা লাগে৷ আনহাতে, কিবাকৈ বচোৱাৰ চেষ্টাৰে কলাইগাঁও আদর্শ চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ ইফালে, ছাত্রীগৰাকীৰ দেউতাক মূর্ছা যোৱা দেখি ৰাইজৰ ৰোষত পৰাৰ আগতেই তিনিও সাংবাদিকে তাৰ পৰা পলাই পত্রং দিয়ে৷ এই সন্দর্ভত ঘটনাৰ দিনা নিশা প্রায় ৯ বজাত কলাইগাঁও থানাত লংকেশ্বৰ কলিতাৰ পত্নী ইলা কলিতাই সাক্ষ্য ল’বলৈ যোৱা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক কনেশ্বৰ ডেকা, জিতুমণি ডেকা আৰু ৱেবপ’র্টেলৰ সাংবাদিক নিপু কাকতিৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে৷ কলাইগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া দেৱেন বৰুৱাই লগে লগে এজাহাৰ গ্রহণ কৰি তিনিওজনৰ বিপৰীতে ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৩০৪/৫০৬/৩৪নং ধাৰাৰ লগতে শিশু নির্যাতন আইন তথা দণ্ডবিধিৰ ৮ ধাৰাৰ অধীনত ৩০/২০২১ নম্বৰত গোচৰ ৰুজু কৰে৷ শেহতীয়াকৈ তিনিওজনক গুৱাহাটীত গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷

You might also like