দুলীয়াজানত সদৌ টাই আহোম যুৱ পৰিষদ, অসম কেন্দ্ৰীয় সমিতি গঠন
নিয়মীয়া বাৰ্তা, ৮ জুলাই : ৬০০ বছৰীয়া স্বৰ্ণিল ইতিহাসৰ পাছতো বৰ্তমান সমাজ ব্যৱস্হাৰ সৈতে বলিষ্ঠভাৱে আগবাঢ়িব নোৱাৰা টাই আহোম জনগোষ্ঠীটোক ভিন্ন দিশত সৱল শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বাবে টাই আহোম যুৱ পৰিষদ, অসম নামেৰে আজি এক নতুন সংগঠনৰ জন্ম হৈছে ।
দুলীয়াজান চলাকটকীস্হিত চাও ছেং ৰেণত কেন্দ্ৰীয়ভাৱে জন্ম লাভ কৰা সংগঠনটোৰ নৱ নিৰ্বাচিত সভাপতি শিৱসাগৰৰ হেমন্ত চাংমাই, উপ সভাপতি ক্ৰমে টেঙাখাটৰ প্ৰাঞ্জল সন্দিকৈ, ডিব্ৰুগড়ৰ দয়া গগৈ, কাৰ্য্যকৰী সভাপতি লাহোৱালৰ ভৱেশ গগৈ, সাঃ সম্পাদক চাবুৱাৰ প্ৰসেনজিৎ গগৈ, সহঃ সম্পাদক দুলীয়াজানৰ চন্দ্ৰকমল ফুকন, সাংগঠনিক সম্পাদক টেঙাখাট কেশৱ ফুকন, প্ৰচাৰ সম্পাদক চাবুৱাৰ ৰিন্টু গগৈ আৰু মুখ্য উপদেষ্টা প্ৰদীপ গগৈ, উপদেষ্টা নন্দেশ্বৰ ফুকনক লৈ এখনি ৩০ জনীয়া সদৌ টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় ।