দুলীয়াজানত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৭ জুন – ৰাজ্যজুৰি ভাং-ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত থকাৰ সময়তে দুলীয়াজানত পুনৰ আৰক্ষীয়ে ৩ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । দুলীয়াজান আৰক্ষী থানাৰ ভাঃ বিষয়া পৰিদৰ্শক ৰূপজ্যোতি দত্তৰ নেতৃত্বত উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাসহ আৰক্ষী এটা দলে অভিযান চলাই স্হানীয় কমলাবাৰী বিক্ৰম পথৰ মনোজ গগৈৰ পুত্ৰ সূৰয গগৈ (২১), অইল কলনীৰ এ-টাইপ ৫৮৬ নম্বৰ কোৱাৰ্টাৰৰ আবাসী অমৰজ্যোতি বাল্মীকিৰ পুত্ৰ মনোজ কুমাৰ বাল্মীকি (২৭) আৰু কমলাবাৰীৰ ধুবী ঘাটৰ দ্বিপেন চেতীয়াৰ পুত্ৰ সমীৰ চেতিয়া (২১) ক আটক কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে যোৱা ১৪ জুনত দুলীয়াজান ৰেলৱে ষ্টেচনৰ সমীপত দীৰ্ঘদিন ধৰি ভাং ব্যৱসায় চলাই অহা জান বৰুৱা নামৰ যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোচাৰ অন্তৰালত ধৃত যুৱকজনৰ ভাষ্যৰ ভিত্তিতে শেহতীয়াকৈ উক্ত তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । সম্প্ৰতি আটকাধীন তিনি অভিযুক্তক ভাৰতীয় দণ্ডবিধি আইনৰ ২২ (চি) এন ডি পি এছ এক্টৰ অধীনত দুলীয়াজান আৰক্ষী থানাত ২৬২ /২১ নম্বৰত এক গোচৰ ৰুজু কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে । সমান্তৰালভাৱে ড্ৰাগছৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ অভিযান অব্যাহত আছে ।