দুলীয়াজানৰ জৰাজীৰ্ণ পথত মটৰ চাইকেল ঠেলি অভিনৱ প্ৰতিবাদ কংগ্ৰেছৰ
নিয়মীয়া বাৰ্তা, ৯ জুলাই : তৈলনগৰী দুলীয়াজানৰ দীৰ্ঘদিনীয়া জৰাজীৰ্ণ বাট-পথৰ সমস্যাৰাজিকে ধৰি পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদকল্পে আজি কংগ্ৰেছ দলে চহৰখনত বিজেপি বিৰোধী অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
টেঙাখাট ব্লক কংগ্ৰেছ, দুলীয়াজান যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আইৰ যৌথ উদ্যোগত পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ বাসগৃহৰ দুৱাৰমুখ টিপলিং তিনিআলিৰ পৰা ১৬ নম্বৰ তিনিআলিলৈকে প্ৰায় শতাধিক মটৰ চাইকেল ঠেলি প্ৰতিবাদী কংগ্ৰেছীয়ে পথ দুৰৱস্হাক লৈ শ্ল’গান জুৰে । প্ৰায় দুঘন্টীয়া এই প্ৰতিবাদী কাৰ্যসূচীত শাসকীয় দলৰ কাম-কাজত অসন্তুষ্টি ব্যক্ত কৰি কংগ্ৰেছীৰ সদস্যই চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ, ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ সভাপতি মিৰাজ হুছেইন ভূঞা, দুলীয়াজান সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মনোজ ভৰালী, টেঙাখাট ব্লক কংগ্ৰেছৰ সম্পাদক প্ৰণৱ গগৈ , এন এছ ইউ আইৰ সভাপতি দিব্যৰঞ্জন বৰুৱাসহ কংগ্ৰেছী অন্যান্য সদস্য আৰু মহিলা কংগ্ৰেছৰ সদস্যাসকল ।