কলা শাখাত অষ্টম স্হান প্ৰাপ্তিৰে দুলীয়াজান ছেন্ট জেৰ্ভিয়াছ বিদ্যালয়ৰ ছাত্ৰী আফ্ৰিন ইছলামৰ সাফল্য
নিয়মীয়া বাৰ্তা, ২৫ জুন : কলা শাখাত অষ্টম স্হান প্ৰাপ্তিৰে তৈলনগৰী দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই আনিছে আফ্ৰিন ইছলামে । দুলীয়াজান ছেন্ট জেৰ্ভিয়াছ হায়াৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আফ্ৰিনে লাভ কৰিছে সৰ্বমুঠ ৪৬৮ নম্বৰ (৯৩.৬ শতাংশ) । ক্ৰমে ইংৰাজী বিষয়ত ৮৬, ঐচ্ছিক ইংৰাজীত ৯৩, অৰ্থনীতিত ৯৫, লজিকেল ফিল’চফিত ৯৮, ৰাজনীতি বিজ্ঞান ৯৬ আৰু সমাজবিজ্ঞান বিষয়ত ৮৪ নম্বৰ লাভ কৰি এই সাফল্য বুটলিছে আফ্ৰিন ইছলামে।
দুলীয়াজান অইল আবাসিক অঞ্চলৰ নিবাসী অইল প্ৰডাকচন বিভাগত কৰ্মৰত বকবুল ইছলাম আৰু পাৰবিন ইছলামৰ কনিষ্ঠ কন্যা আফ্ৰিনৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ আৰু জ্যোষ্ঠ ভগ্নীৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ ফাদাৰ পি কুল্লু আৰু সমূহ শিক্ষক-শিক্ষয়িত্ৰীক অংশীদাৰ কৰিছে । ছেন্ট জেৰ্ভিয়াছ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উজ্বলাই তোলা আফ্ৰিন ইছলামে নিজৰ পাঠ্যপুথিৰ বিষয়বস্তু আয়ত্ত্ব কৰিবলৈ কোনো নিৰ্দিষ্ট সময় সীমা বান্ধি লোৱা নাছিল । যেতিয়াই মন যায় তেতিয়াই পঢ়ি ভালপোৱা আফ্ৰিনে পঢ়াৰ সমান্তৰালভাৱে বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ লগত জড়িত ক্ৰীড়া, নৃত্য, তৰ্ক, আবৃত্তি আদি মনপুতঃ সকলো ক্ষেত্ৰতে অংশগ্ৰহণ কৰিছিল ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৯২.৬ শতাংশৰে একেখন বিদ্যালয়ৰ পৰা ডিষ্ট্ৰিংচন সহ সফলতাৰে উত্তীৰ্ণ হোৱা আফ্ৰিন ইছলামে ভৱিষ্যতে এগৰাকী সফল প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছাৰে শৈক্ষিক দিশটো আগবঢ়াব বুলি জানিবলৈ দিছে । বৰ্তমান সন্মান বিভাগ হিচাপে অৰ্থনীতি বিষয়ত পঢ়াৰ ইচ্ছা আফ্ৰিনৰ । আফ্ৰিন ইছলামৰ এই কৃতিত্বত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্হা আৰু ডিব্ৰুগড় সংখ্যালঘু ছাত্র ইউনিয়ন প্ৰমুখ্যে বিভিন্ন শুভাকাংখীয়ে শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰীগৰাকীৰ শৈক্ষিক উত্তৰোত্তৰ কামনা কৰিছে ।