নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰীৰ মৃত্যুত শোক প্ৰকাশ দুলীয়াজান শাখা সমিতিৰ

নিয়মীয়া বাৰ্তা, ২৩ জুন : সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা শিক্ষাবিদ পদ্মশ্ৰী ডঃ শীলা বৰঠাকুৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দুলীয়াজান শাখা সমিতিয়ে । যোৱা ২২ জুনত লেখিকা সমাৰোহ সমিতিৰ দুলীয়াজান শাখাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । সদস‍্যাসকলে তেখেতৰ প্ৰতিচ্ছবিত মাল‍্যাপৰ্ণ আৰু বন্তিপ্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

উল্লেখ্য যে যোৱা ২১ জুনত পুৱাভাগত ৯ বাজি ৫৫ মিনিটত গুৱাহাটীস্হিত নিজ পুত্ৰৰ গৃহত বিয়োগ হয় বিশিষ্ট লেখিকা তথা শিক্ষাবিদ ডঃ শীলা বৰঠাকুৰ । মাতৃস্বৰূপা বিদূষী মহিলা গৰাকীৰ মৃত্যুত লেখিকা সমাৰোহৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে দুলীয়াজান শাখা সমিতিয়ে ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকে সভানেত্ৰী কল্পনা বৰুৱা কছাৰী, সম্পাদিকা অঞ্জলি বড়া সেনাপতি লগতে তৌফিয়া আহমেদ, বন্তি বৰা , শিখামণি গগৈ আদি অন‍্যান‍্য সদস‍্যা ।

You might also like