দুলীয়াজান অইল নিৰাপত্তা ৰক্ষীয়ে জব্দ কৰিলে ১২ হাজাৰ লিটাৰ চোৰাং খাৰুৱা তেল
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ গোপন সূত্ৰৰ যোগেদি অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ নিৰাপত্তাৰক্ষী দলে খেদি খেদি ধৰিলে ১২ হাজাৰ লিটাৰ চোৰাং খাৰুৱা তেল কঢ়িওৱা এখন টেংকাৰ বাহন । দুলীয়াজান অইল নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা তিলেশ্বৰ শইকীয়াৰ নেতৃত্বত নিৰাপত্তাৰক্ষী দলটোৱে চোৰাং তেলচক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই এ এছ ০১-চিচি ৫৪২৩ নম্বৰৰ টেংকাৰ সহ উক্ত বুজন পৰিমাণৰ চোৰাং খাৰুৱা তেলখিনি জব্দ কৰাৰ লগতে বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্য-বহিঃৰাজ্যৰ বিভিন্ন কোণলৈ শক্তিশালী নেটৱৰ্ক গঢ়ি তোলা উজনিৰ বৃহৎ তেলচোৰ চক্ৰই এই চোৰাং খাৰুৱা তেলখিনি মাকুম এলেকাৰ পৰা উলিয়াই শিৱসাগৰৰ আন এটা তেলচোৰ চক্ৰৰ হাতত গটাই দিয়াৰ পৰিকল্পনা কৰিছিল । এনেতে যাত্ৰাৰ পথত অইল নিৰাপত্তাৰক্ষীৰ হাতত হাতে লোটে ধৰা পৰাৰ ফলত বাহন সহ চালকক তিনিচুকীয়া পানীতোলা আৰক্ষী চকীত চমজাই দিয়া হৈছে ।
অইল নিৰাপত্তাৰক্ষী দলটোৰ পৰা বাছিবলৈ টেংকাৰ চালকে চেষ্টা চলাই যদিও নিৰাপত্তাৰক্ষী দলটোৱে মাকুম বাইপাছৰ পৰা খেদি খেদি পানীতোলা আৰক্ষী চকীৰ সমীপত আটক কৰিবলৈ সক্ষম হয় ।
লক্ষণীয় যে উক্ত চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰখনক এচকৰ্ট দি আনিছিল এখন ৰঙা ৰঙৰ বেলিন’ বাহনে । অইল নিৰাপত্তাৰক্ষী দলটোৰ খেদা খোৱাত এচকৰ্ট বাহনখনে পলাই সাৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে । ইফালে তেলচোৰ বুলি সৰ্বত্ৰ পৰিচিত জেল ফেৰৎ জিতেন গগৈ নামৰ অভিযুক্ত গৰাকী বেলিন’ বাহনখনত থকা বুলি নিৰাপত্তাৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।