দুলীয়াজান এন এল ইউ তেলখাদৰ খনন কাৰ্য অনিৰ্দিষ্টকাললৈ বন্ধৰ প্ৰতিবাদ ঊষাপুৰ যুৱ কল্যাণ আৰু উন্নয়ণ সমিতিৰ
নিয়মীয়া বাৰ্তা, ৮ জুলাই : বাঘজান বিজিআৰ-৫ গেছ কণ্ডেনচেট খাদটোৰ ভয়াবহ ঘটনা সদৃশ যাতে পুনৰাবৃত্তি নঘটে তাৰ আশংকাত ঊষাপুৰ যুৱ কল্যাণ আৰু উন্নয়ণ সমিতিয়ে গঞা ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীত দুলীয়াজান এন এল ইউ তেলখাদৰ খনন কাৰ্য্য অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছে । দুলীয়াজানৰ সমীপৱৰ্ত্তী অঞ্চল ঊষাপুৰ গাওঁত প্ৰায় এমাহ পূৰ্বে অৱস্হিত অইল ইণ্ডিয়াৰ এন এল ইউ তেলখাদটোত চলাই অহা খনন কাৰ্য্য সম্পূৰ্ণৰূপে বন্ধ কৰা দাবী তুলি আজি প্ৰতিকূল বতৰকো নেওচি ঊষাপুৰীয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখযোগ্য যে ঊষাপুৰ যুৱ কল্যাণ আৰু উন্নয়ণ সমিতিয়ে যোৱা ১৫ জুনত ৰাজহুৱা উন্নয়ণৰ স্বাৰ্থত নতুন তেলখাদটোৰ বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ ৰোধৰ বিজ্ঞানসন্মত ব্যৱস্হা গ্ৰহণ কৰা, ৰুগীয়া তথা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত স্বাস্হ্যজনিত আহি পৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰখা, স্হানীয় এলেকাটোৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰা, তৈলখাদটোৰ কাষৰীয়া এলেকাৰ খোৱাপানী পৰীক্ষাৰ ব্যৱস্হা কৰা, তৈলখাদটোৰ চৌদিশে বৃক্ষৰোপণৰ ব্যৱস্হা কৰাকে ধৰি ৯ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ অইল ইণ্ডিয়া জনপৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰিছিল ।
স্মাৰক পত্ৰখনৰ প্ৰত্যুত্তৰ হিচাপে যোৱা ৬ জুলাইত অইলৰ জনপৰিক্ৰমা বিভাগে প্ৰসংগ নং পি এ /৬৫ (পি এন) -২৬৫/২০২০ নম্বৰৰ যোগে প্ৰদান কৰা পত্ৰখনত অসন্তুষ্ট ব্যক্ত কৰে ঊষাপুৰ যুৱ কল্যাণ আৰু উন্নয়ণ সমিতিয়ে । পুনৰ ৭ জুলাই দিনা স্মাৰক পত্ৰৰ যোগেদি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ পৰা সুদুত্তৰ বিচৰা হয় যদিও ফলৱতী ন’হল । সেয়ে আজি ঊষাপুৰীয়া ৰাইজৰ সহযোগত সমিতিয়ে উক্ত তৈলখাদটোত খনন কাৰ্য্য চলাই অহা অইলৰ ঠিকাভিত্তিক বহিৰাগত ব্যক্তিগত কোম্পানী মাৰ্কিন টাইলৰ কাম কাজ অনিৰ্দিষ্টকাললৈ বন্ধ কৰিবলৈ আহ্বান জনাই । এইক্ষেত্ৰত ৰাইজৰ আহ্বানৰ প্ৰতি সহাঁৰি নজনাই ব্যক্তিগত কোম্পানীটোৰ ৰিগ চুপাৰিন্টেণ্ডেন্ট দীপক হাজৰিকাই প্ৰতিবাদী ৰাইজৰ সৈতে বাকবিতণ্ডাত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত । আনহাতে মতানৈক্যৰ পৰিণতিতে ৰাইজক উদ্দেশ্যি অশ্লীল গালি গালাজ কৰাৰো অভিযোগ উঠিছে ৰিগ চুপাৰিন্টেণ্ডেন্ট হাজৰিকাৰ বিৰুদ্ধে । ইয়াতে খড়্গহস্ত হৈ ৰিগ চুপাৰিন্টেণ্ডেন্টৰ বিৰুদ্ধে জয়পুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে ঊষাপুৰ যুৱ কল্যাণ আৰু উন্নয়ণ সমিতিয়ে ।
ইফালে পৰিস্হিতি চম্ভালিবলৈ নাহৰকটীয়া ৰাজহুৱা চক্ৰৰ চক্ৰ বিষয়া বিক্ৰম চেত্ৰী আৰু নামৰূপৰ উপ আৰক্ষী অধীক্ষক কূলপ্ৰদীপ ভট্ৰাচাৰ্য প্ৰতিবাদথলীত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে মিলিত হয় । আলোচনামৰ্মে অহা ১০ জুনত বিষয়টোৰ সন্দৰ্ভত প্ৰশাসনৰ উপস্হিতিত অইলৰ সৈতে এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব । এইক্ষেত্ৰত অইল ইণ্ডিয়াই পত্ৰৰ যোগেদি বৈঠক আহ্বান কৰিছে ।