বিগত ৮ বছৰে অসম্পূৰ্ণ দুলীয়াজানৰ ৰাজপথৰ ওপৰত উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ চুতীয়া ছাত্ৰ সন্হাৰ
নিয়মীয়া বাৰ্তা, ৯ জুলাই : বিগত আঠটা বছৰে নিৰ্মাণকাৰ্য অসম্পূৰ্ণ হৈ আছে তৈলচহৰ দুলীয়াজানৰ মূল ৰাজপথছোৱা । অসম্পূৰ্ণ পথটোৰ অংশ ঠায়ে ঠায়ে ছিগি পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত এজাক বৰষুণতে পথছোৱা জলমগ্ন হৈ পৰাত জনসাধাৰণে যথেষ্ট দূৰ্ভোগ ভুগিব লগা হৈছে । এই সমস্যা দীৰ্ঘদিনীয়া ।
উল্লেখ্য যে দুলীয়াজান ৰেলৱে ষ্টেচনৰ পৰা টিপলিং তিনিআলিলৈকে প্ৰায় ৪ কিলাে’মিটাৰ মূল পথছােৱা বিজ্ঞানসন্মতভাৱে পুননির্মাণ কৰাৰ বাবে অইল ইণ্ডিয়া লিমিটেডে অসম চৰকাৰৰ গড়কাপ্টানি বিভাগক প্ৰায় ২৫ কোটি টকা আবন্টন দিছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত ২০১২ চনৰ ১৭ ডিচেম্বৰত তদানীন্তন গড়কাপ্তানী মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা পথছােৱা ১৮ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ সময় লৈছিল অসম চৰকাৰৰ গড়কাপ্টানি বিভাগে। কিন্তু পৰিতাপৰ বিষয় যে ২০১২ চনৰ পৰা ২০২০ চনলৈকে এই সুদীৰ্ঘ সময়তো মাত্ৰ ৪ কিঃ মি পথছােৱা সম্পূর্ণ হৈ নুঠিল। বছৰ বছৰ ধৰি দুলীয়াজানৰ সকলাে দল-সংগঠনে পথছোৱা সম্পূর্ণ কৰিবলৈ বিভিন্ন ধৰণৰ আন্দোলন কার্যসূচী গ্রহণ কৰাৰ পাছতাে আজিলৈকে বিভাগীয় কর্তৃপক্ষই পথছােৱা সম্পূর্ণ কৰাৰ বাৰম্বাৰ প্রতিশ্রুতি দিও সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে । ইফালে প্রাককলনৰ মতেও পথচোৱা নির্মাণ নোহোৱাৰ অভিযোগ উত্থাপিত ।
এই সন্দৰ্ভত চহৰখনৰ মূল পথছোৱাৰ পুননির্মাণৰ বাবে কোটি কোটি টকা ক’ত ক’ত ব্যয় কৰিলে ইয়াৰ ওপৰত মুখ্যমন্ত্রী তদাৰকী কোষ তথা অপৰাধ অনুসন্ধান শাখাৰ দ্বাৰা উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনাইছে দুলীয়াজান আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই।বিষয়ৰ সংক্ৰান্তত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আঞ্চলিকৰ সভাপতি মনােজ চুতীয়া, কার্যকৰী সভাপতি ঋতুৰাজ বৰা আৰু সাধাৰণ সম্পাদক হেমন্ত চুতীয়াই । ইয়াৰ প্রতিলিপি প্ৰেৰণ কৰা হৈছে অসম চৰকাৰ গড়কাপ্টানি মন্ত্রীলৈও ।