দুলীয়াজানত দুগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ভিড অতিমাৰীৰ দ্বিতীয় লহৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুলীয়াজানত ইতিমধ্যে দুগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিছে । ইয়াৰে এগৰাকী জালনী ক্লাবৰ কৰ্মচাৰী বুলু প্ৰধান (৫০) আৰু টিপলিং অঞ্চলৰ টিনা সন্দিকৈ (৬৫) বুলি জানিব পৰা গৈছে । ক’ভিড ৰোগত আক্ৰান্ত হৈ ২১ এপ্ৰিলৰ পুৱতি নিশা মৃত্যু হোৱা বুলু প্ৰধান (৫০) অইল চেটেলমেন্ট কোৱাৰ্টাৰ-২০০৯ ৰ আবাসী আছিল । জানিব পৰামতে উক্ত লোকজনে বিগত প্ৰায় ৬ দিন পূৰ্বেই শাৰিৰীক অসুস্হতাত ভুগি আছিল ।
প্ৰাথমিক অৱস্থাত লোকজনে স্হানীয় অইল চিকিৎসালয়ৰ কাষ চাপে যদিও চিকিৎসালয়খনে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে । পাছত ডিব্ৰুগড়তে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ লগতে তেওঁ ক’ভিড কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছিল । এনেতে কালি পুৱতি নিশা প্ৰায় ২ বজাত উক্ত চিকিৎসালয়তে লোকজনে মৃত্যুক সাৱটি লয় । আনহাতে হাস্পতালৰ সূত্ৰ অনুসৰি ক’ভিড নিম’নিয়াত আক্ৰান্ত ৰোগী টিনা সন্দিকৈ আৰম্ভণিতে সামান্য কাঁহত ভুগি আছিল । পাছত অইল হাস্পতালত পৰীক্ষা কৰোৱা হয় যদিও অইল চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। যোৱা ১৭ এপ্ৰিলত ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ হাস্পতালত ভৰ্তি হোৱা ক’ভিড আক্ৰান্ত ৰোগী গৰাকী যোৱা ২১ এপ্ৰিলৰ পুৱা ৮ বাজি ৩০ মিনিটত মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।