নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমা সমষ্টিক লৈ বিপাঙত বিজেপিৰ ৰাজ্যিক হাইকমাণ্ড; ৫ জনীয়া তালিকাত বন্দী হৈ আছে ‘ভাগ্য’

নিয়মীয়া বাৰ্তা, ২২ জুনঃ লকডাউনৰ মাজতে আগন্তুক বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে কঁ‌কালত টঙালি বান্ধিছে বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীত্ব প্ৰয়াসীসকলে। এক নিৰ্ভৰযোগ্য সূত্ৰই তাৎপৰ্যপূৰ্ণভাৱ প্ৰকাশ কৰা মতে আগন্তুক ২১ ৰ বিধান সভা নিৰ্বাচনত ডুমডুমা সমষ্টিৰ পৰা কাক টিকট দিয়া হ’ব তাক লৈ বিজেপিৰ ৰাজ্যিক সমিতি বিপাঙত পৰিছে।

সূত্ৰটোৰ মতে ৰাজ্যিক সমিতিৰ ৫ জনীয়া তালিকাত থকা ব্যক্তিসকলৰ পৰা কোনজনক টিকট দিলে সমষ্টিটোৰ পৰা অনায়াসে জয়ী হৈ যাব তাকে লৈ বিভিন্ন পৰ্যায়ত ‘এছেছ্মেন্ট’ চলাই আছে।

সূত্ৰটোৰ মতে তালিকাভূক্ত ব্যক্তি সকল হ’ল বৰ্তমানৰ তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, নতুন মুখৰ বিজেপিৰ ৰাজ্যিক সম্পাদক পুলক গোহাঁই আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি তথা অলিম্পিক সন্থাৰ ৰাজ্যিক উপসভাপতি অৰুণজ্যোতি মৰাণ আৰু বৰ্তমানৰ ডুমডুমা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজ।

এতিয়া স্থানীয় দলীয় নেতা- পালি নেতা সকলে কাৰ পক্ষ লৈ নিজকে সুৰক্ষিত ৰাখিব তাক লৈও কিংকৰ্তব্যবিমূঢ় হৈ পৰাৰ খবৰ ওলাইছে।

You might also like