গোলাঘাট জিলা মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ উদ্যোগত আলোচনা চক্ৰ : ই-বুক প্ৰশ্ন সমৃদ্ধি উন্মোচন
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰ: গোলাঘাটৰ জিলাৰ কছাৰীহাট হাইস্কুলত গোলাঘাট জিলা মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ উদ্যোগত এক শৈক্ষিক আলোচনা চক্ৰ
অনুষ্ঠিত হয়। গোলাঘাট জিলা মাধ্যমিক ঠিকা ভিত্তিত শিক্ষক কৰ্মচাৰী সন্থা সভাপতি সুৰেশ পুজাৰীৰ সঞ্চালনত অনুষ্ঠিত আলোচনা চক্ৰৰ আঁত ধৰে সন্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়াই। আলোচনাচক্ৰখন উদ্ধোধন কৰে কছাৰীহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাই। সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি গোলাঘাট জিলা শিক্ষক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰৱক্তা মন্দাকিনী ডেকাই ৰাষ্টীয় শিক্ষানীতি সম্পৰ্কে আলোচনা আগবঢ়াই ।অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিদ্যালয় পৰিদৰ্শক কৰে ড° সমীৰন বৰাই। সদৌ অসম মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাৰ সভাপতি সুৰেশ্বৰ ডেকা,সম্পাদক মহীধৰ কলিতা, অধিবিদ্যা পৰিষদৰ ফটিক গগৈ,গোলাঘাট জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ লোকেন্দ্ৰ বৰা,সম্পাদক,নিপন দত্ত ,গোলাঘাট কৰ্মচাৰী পৰিষদৰ সম্পাদক কৰুণাকান্ত ৰাজবংশী আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
আনহাতে উক্ত সভাতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি এখনি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে উপযোগী হোৱাকৈ সমাজ বিজ্ঞান, ইংৰাজী, গণিত বিষয়ৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ সম্পাদনাত প্ৰকাশিত ই-বুক “প্ৰশ্ন সমৃদ্ধি” সংকলন উন্মোচন কৰে গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শক ড° সমীৰণ বৰাই । এই ই বুক খনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট লাভৱান হব বুলি উল্লেখ কৰিছে বিদ্যালয় পৰিদৰ্শক গৰাকীয়ে । ই বুক খনি যদি কোনো ছাত্ৰ ছাত্ৰীক প্ৰয়োজন হয় তেনে সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়াৰ সৈতে পিডিএফ কপি ই মেইল অথবা হোৱাটচএপৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব ।