২১ জুনত বর্ষটোৰ প্রথম সূর্যগ্রহণ
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ বর্ষটোৰ প্রথম সূর্যগ্রহণ বিশ্ববাসীয়ে প্রত্যক্ষ কৰিব অহা ২১ জুনত৷ সর্বাধিক দীঘলীয়া দিন আৰু সবাতোকৈ ছুটী নিশাৰ ২১ জুনৰ পুৱা ৯.১৫ বজাত সূর্যগ্রহণ আৰম্ভ ৩.৩০ বজাত সামৰণি পৰিব৷ এই সূর্যগ্রহণৰ সময়ত বিশ্বৰ কোনো কোনো প্রান্তৰ পৰা বিৰল ‘ৰিং অৱ ফায়াৰ’ (জুইৰ আঙঠি) দেখিবলৈ পাব৷
অৱশ্যে ৯.১৫ বজাৰ পৰা ১২.১০ বজালৈ আংশিক সূর্যগ্রহণৰ পাছতহে পূর্ণাংগ সূর্যগ্রহণ ২.০২ বজাত আৰম্ভ হৈ ৩.০৪ বজাত সামৰণি পৰিব৷ এই সূর্যগ্রহণ যদি কোনো লোকে প্রত্যক্ষ কৰাৰ পৰা বঞ্চিত হয়, তেতিয়াহ’লে ডিচেম্বৰৰ ১৪–১৫ৰ ভিতৰত পুনৰ এনে সূর্যগ্রহণ দেখিবলৈ পাব৷ তাৎপর্যপূর্ণ যে বর্ষটোত ৫টা সূর্যগ্রহণ বিশ্ববাসীয়ে প্রত্যক্ষ কৰাৰ সম্ভাৱনা আছে৷