নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজিত ভূঞাৰ প্রতিকৃতি দাহ গৰিয়া–মৰিয়া যুৱ–ছাত্রৰ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হোৱাটো মই নিবিচাৰোঁ৷’ –এই মন্তব্য ৰাজ্যসভাৰ সাংসদ, আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাৰ৷ দুদিন পূর্বে শিৱসাগৰত এক অনুষ্ঠানত আজমল মুখ্যমন্ত্রী হোৱাৰ পোষকতা কৰাৰ বিতর্কত সোমাই পৰা ভূঞাই আজি সুৰ সলনি কৰি এইদৰে কয়৷ সাংসদ ভূঞাই কয় যে তেওঁলোকেও (এআইইউডিএফ) কৈছে আজমল কেতিয়াও মুখ্যমন্ত্রী নহয়৷ ময়ো আজমল মুখ্যমন্ত্রী হোৱাটো নিবিচাৰোঁ৷ এই প্রসংগতে তেওঁ কয় যে আছুৰ প্রাক্তন সভাপতি, বিপিএফৰ বর্তমানৰ সাধাৰণ সম্পাদক প্রবীণ বড়ো, বিজেপিৰ মিত্র সাংসদ বিশ্বজিৎ দৈমাৰীয়েও আজমল গণতান্ত্রিকভাৱে মুখ্যমন্ত্রী হ’ব পাৰে বুলি কৈছে৷ এই মন্তব্যৰ আঁত ধৰি তেওঁ কয় যে মইতো তেনেদৰে কোৱাই নাই৷ সেইদৰে আজমলক প্রখ্যাত সাহিত্যিক চৈয়দ আব্দুল মালিক, ইমৰান শ্বাহৰ সৈতে তুলনা কৰা বিষয়টোও সম্পূর্ণৰূপে নস্যাৎ কৰে তেওঁ৷

আনহাতে ভূঞাই অসমৰ দুই বৰেণ্য সাহিত্যিক আব্দুল মালিক আৰু ইমৰান শ্বাহৰ লগত বদৰুদ্দিন আজমলক একাকাৰ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদ৷ পৰিষদৰ একাধিক কর্মীয়ে  গুৱাহাটীত প্রাক্তন সাংবাদিক তথা বর্তমানৰ সাংসদ অজিত কুমাৰ ভূঞাৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ আজিৰ প্রতিবাদী কার্যসূচীত পৰিষদৰ সভাপতি আশ্রফ আলী, উপদেষ্টা চেলিম আহমেদ, প্রতিষ্ঠাপক উপদেষ্টা বদিৰত আলীসহ ভালেসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷ ইফালে, ভূঞাৰ বিৰুদ্ধে হোৱা প্রতিবাদ চৰকাৰৰ পৃষ্ঠপোষকতাতে হোৱাৰ অভিযোগ কৰি তেওঁ কয় যে প্রতিবাদ কৰোৱা হৈছে৷ আৰএছএছ, বিজেপি নেতাই প্রতিবাদ কৰিছে৷

You might also like