নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনঃ বিজেপিৰ ঘোষণাপত্র মুকলি ৩০ আসন দখলৰ দাবী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ তিৱা স্বায়ত্তশাসিত পৰিষদীয় নির্বাচনৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণাপত্র মুকলি কৰিলে ৰাজ্যিক বিজেপিয়ে৷ দলৰ সভাপতি ৰঞ্জিত দাসে কালি ঘোষণাপত্রখন মুকলি কৰি কয় যে এইবাৰ তিৱা পৰিষদীয় নির্বাচনত বিজেপিয়ে ৩০খন আসন দখল কৰিব৷ দিছপুৰস্থিত চৰকাৰী বাসভৱনত আয়োজিত এখন সংবাদ মেলত এই ঘোষণাপত্র মুকলি কৰি সভাপতি ৰঞ্জিত দাসে তিৱা জনগোষ্ঠীৰ সামগ্রিক উন্নয়নৰ লক্ষ্যৰে বিজেপিয়ে বিশেষ এলানি আঁচনি গ্রহণ কৰিব বুলি উল্লেখ কৰে৷

উল্লেখ্য যে ঘোষণাপত্রত বিজেপিয়ে তিৱা জনগোষ্ঠীক মুখ্য কৰি পৰিষদৰ অন্তর্গত প্রতিটো জাতি–জনগোষ্ঠীৰ সর্বাংগীণ উন্নয়ন সাধন কৰাৰ কথা ঘোষণা কৰিছে৷ পৰিষদৰ অন্তর্গত নিবনুৱা গোটক ৫০ হাজাৰ টকাকৈ ব্যৱসায় কৰিবলৈ সাহায্য, উচ্চ শিক্ষাৰ বাবে ছাত্র–ছাত্রীক ১০ হাজাৰ টকাকৈ জলপানি, খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্রদান, তিৱা ভাষাৰ শিক্ষক নিযুক্তি, জোনবিলৰ খনন–সংৰক্ষণৰ ব্যৱস্থা গ্রহণ, কৃষিজাত সামগ্রী বিক্রীৰ বাবে পৰিষদীয় এলেকাত ১০০খন পাইকাৰী বজাৰ স্থাপন, পৰিষদীয় এলেকাত ১০০খন খেলপথাৰক অত্যাধুনিক মিনি ষ্টেডিয়ামলৈ উন্নতিসাধন আদিকে কৰি কেইবাটাও প্রতিশ্রুতি আগবঢ়াইছে৷

সংবাদ মেলত ৰঞ্জিত দাসে কয় যে তিৱা স্বায়ত্তশাসিত পৰিষদৰ ৩৬খন আসনৰ ৩৫খন আসনতে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্রদল অগপক এখন আসন এৰি দিয়া হৈছে৷ এই নির্বাচনত বিজেপিয়ে ৩০খন আসন দখল কৰাটো নিশ্চিত৷ এইবাৰৰ নির্বাচনত বিজেপিৰ বাবে কোনো দলেই প্রত্যাহ্বান সৃষ্টি কৰিব পৰা নাই৷ উল্লেখ্য যে পৰিষদৰ নির্বাচনৰ ১৪নং গোভা সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী মণিৰাম পাটৰ ইতিমধ্যে বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷ বিজেপিয়ে বিটিচিৰ দৰে তিৱা পৰিষদ দখলৰ লক্ষ্যৰে ইতিমধ্যে নির্বাচনী কুচকাৱাজ তীব্রতৰ কৰি তুলিছে৷

সাংসদ হৰেনছিং বে’ক নির্বাচনৰ তত্ত্বাৱধায়কৰ দায়িত্ব অর্পণ কৰা হৈছে৷ কালি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত পৰিষদীয় নির্বাচনক লৈ এলানি গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হৈ যায়৷ বিটিচি নির্বাচনৰ কালি ফলাফলৰ পাছতেই তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিজেপিয়ে সর্বশক্তিৰে নামি পৰিব বুলিও আজি ৰঞ্জিত দাসে জানিবলৈ দিয়ে৷ এইমর্মে ১২, ১৩ আৰু ১৪ ডিচেম্বৰত পৰিষদীয় সমষ্টিত প্রচাৰ অভিযান চলাব সভাপতি দাসে৷

আনহাতে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মায়ো অহা তিনি দিনত পৰিষদীয় এলেকাত কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে অহা ১৭ ডিচেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ আনহাতে, ১৯ ডিচেম্বৰত তিৱা পৰিষদীয় নির্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷

You might also like