নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিদৰে চলিছে ৰাজ্যৰ বিদ্যুৎ বিভাগ? ৰহা বিদ্যুৎ উপসংমণ্ডল বিভাগত গ্ৰাহকৰ ওপৰত মাধমাৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যত কিদৰে চলিছে বিদ্যুৎ বিভাগ? বিভাগীয় ৰাজহ বৃদ্ধি কৰিবলৈ বিদ্যুৎ সংযোগী গ্ৰাহকৰ ওপৰত মাচুল বৃদ্ধি কৰি বিদ্যুৎ বিভাগে বিভিন্ন সময়ত মাধমাৰ শোধাই অহাৰ পাছতো পুনৰ একেখিনি গ্ৰাহকৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বিদ্যুৎ বিভাগ।

এনে অভিযোগ উত্থাপন হৈছে নগাঁও জিলাৰ ৰহাত। প্ৰাপ্ত অভিযোগ অনুসৰি, ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত বাৰপূজীয়া নিজমিকিৰ গাঁৱত শেহতীয়াকৈ বিদ্যুতৰ বিল দেখি মূৰে-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ গ্ৰাহক।

অঞ্চলটোৰ একোজন গ্ৰাহকৰ নামত বিদ্যুৎ বিভাগৰ পৰা বিল আহিছে বহু হাজাৰ হাজাৰ টকা।  বাৰপূজীয়া নিজমিকিৰ গাঁৱৰ ৰত্ন পাটৰ নামৰ ব্যক্তিজনলৈ ৰহা বৈদ্যুতিক উপ-সংমণ্ডলৰ পৰা চলিত ফেব্ৰুৱাৰী মাহত ১৬১৯৪ টকা বিল পঠিওৱাত হাহাকাৰ লাগিছে গ্ৰাহকজনৰ।

গ্ৰাহকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, তেওঁৰ নামত থকা (গ্ৰাহক নং-১৩০০০০০০২৫০৯) ঘৰুৱা বৈদ্যুতিক বিলৰ নামত চলিত বছৰৰ জানুৱাৰী মাহত ২৫১৬টকা সম্পূৰ্ণ বিল পৰিশোধ কৰে যদিও শেহতীয়া ফেব্ৰুৱাৰী মাহত পুনৰ তেওঁৰ নামত ১৬১৯৪ টকা আদায় দিবলৈ বিল অহাত আশ্চৰ্য প্ৰকাশ কৰে।

ঠিক সেইদৰে একেখন গাঁৱৰে দিগন্ত সেনাপতি নামৰ ব্যক্তিজনৰ (গ্ৰাহক নং-১৩০০০০০২৩২১৫) নামত বিগত জানুৱাৰী মাহত ১৫৬৯ টকা পৰিশোধ কৰিবলৈ বাকী আছিল যদিও ফেব্ৰুৱাৰী মাহত পুনৰ নতুনকৈ ৬৭৬৮০ টকা বিল পৰিশোধৰ নিৰ্দেশ অহাত মূৰত সৰগ ভাগি পৰাৰ লেখিয়া হৈছে।

ইয়াৰ লগতে কৃষ্ণমণি দেউৰী(গ্ৰাহক নং-১৩০০০০০০৯৮০২)নামৰ ব্যক্তিজনৰো জানুৱাৰী(২০২১) মাহলৈকে ২৯৯৩ টকা বিল পৰিশোধ কৰিবলৈ বাকী আছিল যদিও ফেব্ৰুৱাৰী মাহত সেই পৰিমাণৰ লগত ১৩৫৯৫ টকা নতুনকৈ বিল সংযোগ হৈ আহিছে। এইবোৰ মাথোঁ এক উদাহৰণহে।

একেদৰে দীপক কুমাৰ বৈশ্যৰ(গ্ৰাহক নং-১৩০০০০০০৯৭৬৭) নামতো জানুৱাৰী মাহত ২৮০৭ টকা পৰিশোধ কৰিবলগীয়া বিলৰ সৈতে ৩২৩৫৪ টকা নতুন বিল প্ৰেৰণ কৰিছে ৰহা বৈদ্যুতিক বিভাগে।

কেৱল সেয়াই নহয় কান্তিৰাম পাতৰৰ নামত পূৰ্বৰ বিলৰ ৮২২০ টকাৰ লগতে নতুনকৈ ১৪৩৮০ টকা; শুভজিত পাতৰৰ(গ্ৰাহক নং-১৩০০০০০২০৬) পূৰ্বৰ ৫১৮ টকা বিলৰ সৈতে ৮৫১১টকা সংযোগ ঘটাই বিল প্ৰেৰণ কৰিছে।

সেইদৰে অঞ্জনা পাতৰৰ (গ্ৰাহক নং-১৩০০০০০৩২১৪৭) নামত ফেব্ৰুৱাৰী মাহৰ বিল ১৮৯১২টকা,  প্ৰফুল্লী পাতৰলৈ (গ্ৰাহক নং:-১৩০০০০০২৩৩৬৮) ফেব্ৰুৱাৰী মাহত ৪৫১১৫ টকা, দেৱজিত পাতৰলৈ (গ্ৰাহক নং-১৩০০০০০০২৪২৭) জানুৱাৰীৰ বিল ৭৬০৯ টকা বুলি পঠিওৱা হৈছে।

 এনেধৰণৰ বিসংগতি সন্দৰ্ভত স্থানীয় একাংশ গ্ৰাহকে ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ শাখা প্ৰৱন্ধকৰ লগত যোগাযোগ কৰি বিষয়টো সন্দৰ্ভত অৱগত কৰে যদিও বিষয়াগৰাকীয়ে গ্ৰাহকসকলৰ পূৰ্বৰ ৰৈ যোৱা ইউনিট বৰ্তমান যোগ হৈ আহিছে বুলি কোৱাৰ লগতে উক্ত বিলসমূহ আদায় দিব লাগিব বুলি মন্তব্য কৰাত বিমোৰত পৰিছে গ্ৰাহকসকল।

 বিগত সময়ত প্ৰতিমাহে বিল আদায় দি অহাৰ পাছতো কি কাৰণত পুনৰ পূৰ্বৰ ইউনিট ৰৈ গ’ল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

You might also like