এয়াই নেকি বিকশিত অসমৰ উন্নয়ন? বিদ্যুতৰ পোহৰ দেখা নাই স্বাধীন ভাৰতৰ ২০০টা পৰিয়ালে
নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ সুদীর্ঘ ৭৩ বছৰ৷ স্বাধীনতাৰ পিছৰ সাতটা দশক৷ বিদ্যুৎ গতিত সলনি হৈছে দেশৰ প্রতিচ্ছবি৷ চাৰিওফালে প্রগতিৰ চকু ছাট মাৰি ধৰা বিজ্ঞাপন৷ উন্নয়নৰ নিৰন্তৰ শ্লোগান৷ এই সকলোবোৰ প্রচাৰকে ভেঙুচালি কৰি স্বাধীনতাপ্রাপ্তিৰ দিন ধৰি অনগ্রসৰতাৰ আন্ধাৰত নিমজ্জিত হৈ ৰৈছে অসমৰ এটা বৃহৎ অঞ্চল৷ তাত বিকাশৰ চমক নাই, বাটে–পথে বিয়পি আছে কেৱল আন্ধাৰ আৰু আতংকৰ ছায়া৷ নির্বাচন আহে, নেতা আহে, প্রতিশ্রুতিৰ কোবাল বতাহে মন শাঁত পেলাই নিয়ে৷ কিন্তু কোনোকালে ভাগ্য সলনি নহয় শোণিতপুৰৰ ২নং ঘগৰা গ্রাণ্টৰ ৰাইজৰ৷ উন্নয়ন আৰু অনেক অভিলাষী আঁচনিৰ অসার্থকতাক জলজল–পটপটকৈ উদঙাই দিছে বৰছলা বিধানসভা সমষ্টিৰ এই গাঁওখনে৷ পৰিৱর্তনৰ শ্লোগানে দিছপুৰত চৰকাৰ সলনি কৰি দিয়ে, কিন্তু ঢুকি নাপায় অসমৰ এই গাঁওখনক৷ বৈষম্য আৰু অস্পৃশ্যতাৰ বলি হোৱা ২নং ঘগৰা গাঁৱৰ ৰাইজৰ সকলো আবেদন–নিবেদন ৰজাঘৰৰ ওচৰত পৰিণত হৈছে অৰণ্যৰোদনত৷ যাৰ বাবে প্রজন্মৰ পিছত প্রজন্ম এই গাঁৱৰ ৰাইজে দেখা নাই বিদ্যুতৰ পোহৰ৷ শুনিলে সাধুকথা যেন লাগে, অথচ অনুন্নয়নৰ এইখনেই বাস্তৱ ছবি৷ বঞ্চনাকে নিয়তি বুলি মানি লোৱা ২নং ঘগৰা গ্রাণ্টৰ জীয়া কাহিনী৷
শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তর্গত বাঁহবাৰী পঞ্চায়তৰ ২নং ঘগৰা গ্রাণ্ট নামৰ গাঁওখনত আছে দুই শতাধিক পৰিয়ালৰ বসতি৷ সকলোৰে ভোটাধিকাৰ আছে, মানচিত্রই তেওঁলোকক সার্বভৌম ভাৰতৰ ভিতৰতে সামৰি লয়৷ কিন্তু গাঁওখনৰ ভিতৰলৈ খোজ দিলেই চকুৰ সন্মুখত ভাহি উঠে এখন বিপৰীত ছবি৷ পথৰ কাষে কাষে থিয় হৈ আছে বিদ্যুতৰ খুঁটা৷ ওলমি আছে বিদ্যুৎ পৰিবাহী তাঁৰ৷ নিয়মমাফিক আঁৰি দিয়া হৈছে সাৱধানতাৰ ফলক৷ কিন্তু এই বৃহৎ জনসংখ্যাৰ গাঁওখনে আজিলৈ নাপালে বিদ্যুৎ সংযোগ৷ ক’বলৈ গ’লে, স্বাধীনতাৰ পিছৰ বিগত ৭৩ বছৰত এইখন গাঁৱৰ ৰাইজে দেখাই নাই বিজুলীৰ পোহৰ৷ আন্ধাৰ নমাৰ লগে লগে স্তব্ধ হৈ পৰে তেওঁলোকৰ জীৱনযাত্রা৷
কাৰণ, বিদ্যুতৰ পোহৰ নেদেখা গাঁওখনলৈ জাকে জাকে সন্ধিয়া ওলাই আহে বনৰীয়া হাতীৰ জাক৷ নিশা হ’লেই আতংকৰ প্রচ্ছায়াই ছানি ধৰে ২নং ঘগৰা গ্রাণ্টৰ বাট–পথ৷ ৰঙাপৰা বিদ্যুৎ উপ–সংমণ্ডলত গাঁওবাসী ৰাইজে বহুবাৰ আবেদন–নিবেদন কৰিছে৷ স্থানীয় বিধায়ক গণেশ লিম্বুৰ কিমানবাৰ কাণ চোৱাইছে, তাৰ কোনো হিচাপ নাই৷ কংক্রিটৰ খুঁটা, বিদ্যুৎ সংযোগহীন তাঁৰকেইডালৰ বাহিৰে কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই ২নং ঘগৰা গ্রাণ্টক৷ শুনোতে এই গাঁৱৰ ৰাইজেও শুনিছে দীনদয়াল উপাধ্যায় গ্রাম্য বিদ্যুতীকৰণ আঁচনিৰ নাম৷ এশ শতাংশ বিদ্যুতীকৰণৰ কৃতিত্ব যেতিয়া চৰকাৰে জাহিৰ কৰে, অপমানিত অনুভৱ কৰে ২নং ঘগৰা গ্রাণ্টৰ ৰাইজে৷ চাৰি বছৰ পূর্বেই খুঁটা পোতা হ’ল, তাঁৰ আঁৰি দিয়া হ’ল, অথচ আজিলৈ বিদ্যুতৰ পোহৰ নেদেখিলে স্বাধীন দেশৰ দুই শতাধিক পৰিয়ালে৷ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি দিয়া উন্নয়নৰ বিজ্ঞাপনবোৰৰ প্রতি শোণিতপুৰৰ এই গাঁওখন হৈ পৰিছে চৰম উপহাস৷