নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুনত হাতী পৰিল গাঁতত, ৰাইজে উদ্ধাৰ কৰাৰ পিছত আহি পালে বন বিভাগৰ লোক

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুনত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। আজি পুৱা প্ৰায় ৪: ৩০ বজাত এটা বনৰীয়া হাতী গাঁতত পৰাক লৈ লাগিল হুৱাদুৱা। জাগুন বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত তথা কাষৰণি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫টা হাতীৰ মাজৰে এটা মখনা হাতী ৰঘু ওৰাং নামৰ ব্যক্তিজনে খান্দি থোৱা এটা গাঁতত পৰাত এনে ঘটনা সংঘটিত হয়। স্থানীয় গাঁওবাসীৰ প্ৰায় ডেৰ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত বনৰীয়া হাতীটোক গাঁতৰ পৰা উলিয়াই পঠাবলৈ সক্ষম হয়। অতি পৰিতাপৰ বিষয় যে জাগুন বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো জাগুন বন বিভাগৰ লোক হাতীটো উদ্ধাৰ কৰাৰ পাছতহে আহি উপস্থিত হোৱাত ক্ষুণ্ণ হৈ পৰে স্থানীয় ৰাইজ। উল্লেখ্য যে কাষৰীয়া সংৰক্ষিত বনাঞ্চলত চোৰাং বন মাফিয়াৰ হাতোৰা পৰাত সংৰক্ষিত বনাঞ্চলসমূহত বন্যহস্তীৰ বাবে খাদ্যসংকট সৃষ্টি হোৱাত জাগুন অঞ্চলত প্ৰায়ে হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লৈছে। এইক্ষেত্ৰত বগাহাতীত পৰিণত হোৱা বন বিভাগটোক সক্ৰিয় কৰাৰ বাবে স্থানীয় ৰাইজে অসম চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে উক্ত অঞ্চলত বিগত সময়ছোৱাত বহু লোক বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা শোকাৱহ ঘটনা সংঘটিত হৈ আহিছে যদিও ক্ষতিগ্ৰস্ত লোকসকলক বন বিভাগে উপযুক্ত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি অহাৰো অভিযোগ উত্থাপন হৈছে।

You might also like