নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি মৰ্যাদাৰ দাবী আক্ৰাছুৰ

 নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ লখিমপুৰ জিলাৰ  কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ১৮সংখ্যক বাৰ্ষিক অধিবেশন আৰু প্ৰতিনিধি সভাখন লখিমপুৰ জিলাৰ সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে সাংবাদিক ৰেহাইন উদ্দিন আহমেদে বন্তি প্ৰজ্বলন কৰি শুভ উদ্ধোধন কৰে৷ সম্পাদক দীপক বৰাই আতধৰা সভাখনিত সভাপতিত্ব কৰে লখিমপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ভাৰপ্ৰাপ্ত সভাপতি জগদীশ বৰাই৷ সভাখনত কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি নিতুল ৰাজবংশীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য বিজেপি চৰকাৰখনক কঠোৰভাৱে সমালোচনা কৰে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশী লোকসকলক প্ৰতাৰণা কৰি আহিছে জনজাতি মৰ্যাদা দিয়া পৰা ৷ জনজাতি পোৱাটোৰ কোচ ৰাজবংশী সকলৰ ন্যাৰ্য অধিকাৰ, কিন্তু চৰকাৰে জাতিটোক চুড়ান্ত অৱহেলা কৰি অহা বুলি মত প্ৰকাশ কৰে লগতে নেতাজনে কয় ২৪ লোকসভা নিৰ্বাচনৰ অগত যদি চৰকাৰে জনজাতি মৰ্যাদা নিদিয়ে মধ্য অসম আৰু উজনি অসমত কোচ ৰাজবংশী জনসাধাৰণ বিজেপিক  ভোট দিয়াৰ পৰা বিৰত থাকিব ৷ কেন্দ্ৰীয় সম্পাদক দীপক বৰাই  শদিয়াৰ পৰা ধুবুৰীলৈ বসবাস কৰা সকলো কোচ ৰাজবংশী লোকে সমমৰ্যাদা আৰু সমঅধিকাৰ পাব লাগিব, অন্যথা যিকোনো পৰিস্থিতিৰ বাবে কোচ ৰাজবংশী ৰাইজক সাজু থাকিবলৈ আহবান জনায়৷ নেতাগৰাকীয়ে  চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাক লৈ কোচ ৰাজবংশী জনজাতিকৰণৰ যি চিন্তা চৰ্চা কৰিছে সেইয়া কেতিয়াও মানি লোৱা নহব বুলি মন্তব্য আগবঢ়ায়৷ কোচ ৰাজবংশী লোকসকলক উজনি নামনি ভাগ ভাগ নকৰিবলৈ সকীয়াই দিয়ে ৷ KLO  মুৰব্বী জীৱন সিংহক চৰকাৰৰ মেৰপাকত নোসোমাই জাতিটোৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহবান জনায়৷ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক বেদ্ৰবত বৰাই অসম আন্দোলনত কোচ ৰাজবংশ ভূমিকা আৰু অসমত কোচ ৰাজবংশী লোক সলকৰ  সকলো দিশতে যথেষ্ট অৰিহণা থকাৰ কথা কয়।
প্ৰেৰক সুদীপ্ত দাস
You might also like