পুত্র–কন্যাক ছাত্র–ছাত্রী সজাই গোৱালপাৰাত বৃত্তিৰ ধন আত্মসাৎ
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ জালিয়াতিৰে অন্য ব্যক্তিৰ ম’বাইল নম্বৰ ব্যৱহাৰ কৰাৰ লগতে নিজৰ পুত্র–কন্যাক ভুৱাকৈ ছাত্র–ছাত্রী সজাই মাটিয়া প্রাথমিক শিক্ষাখণ্ডৰ অন্তর্গত সুন্দৰপুৰ বুদুচৰ এন চি প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকে সংখ্যালঘু ছাত্র বৃত্তিৰ নামত কেলেংকাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এই সন্দর্ভত কালি স্থানীয় একাংশ লোকে গোৱালপাৰাৰ উপায়ুক্তক এখন অভিযোগ দাখিল কৰে৷
উত্থাপিত অভিযোগ মতে, বিদ্যালয়খনৰ প্রধান শিক্ষক নুৰ ইছলামে ২০১৯–২০ বর্ষৰ সংখ্যালঘু ছাত্র বৃত্তিত আবেদন কৰাৰ নামত প্রতিগৰাকী ছাত্র–ছাত্রীৰ পৰা দুশ পঞ্চাশ টকাকৈ সংগ্রহ কৰে৷ প্রধান শিক্ষক ইছলামে নিজৰ কন্যা আৰু পুত্রক বিদ্যালয়খনৰ ছাত্র–ছাত্রী সজাই ৮৭৬১৯–৭৮২৭৫ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি সংখ্যালঘু ছাত্র বৃত্তিৰ নামত আবেদন কৰে৷ আবেদনৰ সময়ত কন্যা নার্গিছ আহমেদে পঞ্চম শ্রেণীত আৰু পুত্র আৰিফ হুছেইনে দ্বিতীয় শ্রেণীত অধ্যয়ন কৰা দেখুৱাইছে৷নিজে চৰকাৰী চাকৰিয়াল হোৱা সত্ত্বেও পুত্র–কন্যাৰ আবেদনৰ সময়ত বছৰি মাত্র ৯০ হাজাৰ টকা আয় হোৱা বুলি দেখুৱাইছে৷ লক্ষণীয় যে প্রধান শিক্ষক ইছলামৰ পুত্র–কন্যা সুন্দৰপুৰ বুদুচৰ এন চি প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রী নহয়৷ দুয়োৱে গোৱালপাৰা চহৰৰ কাৰবলাস্থিত মোমায়েকৰ ঘৰত থাকি পঢ়া–শুনা কৰে৷
কেৱল এয়াই নহয়, প্রধান শিক্ষক ইছলামে চক্রান্তমূলকভাৱে এন এছ পিত স্থানীয় জমিৰ আলীৰ পুত্র হাৰেজ আলীয়ে ব্যৱহাৰ কৰা ম’বাইল নং ৯১০১৪–৬৮৪০০ উল্লেখ কৰি জিলা ন’ডেল বিষয়ালৈ আবেদন পঞ্জীয়নৰ বাবে প্রণয়ন কৰে৷ এই ম’বাইল নম্বৰটো হাৰেজ আলীৰ মাতৃ হাফিজা খাতুনৰ নামত উলিওৱা হৈছিল৷ এইদৰে জালিয়াতিৰে সংখ্যালঘু ছাত্র বৃত্তিৰ কেলেংকাৰিত জডিত থকাৰ সন্দেহত চি আই ডিয়ে গ্রেপ্তাৰ কৰাত সম্প্রতি অশিক্ষিত মহিলা হাফিজা খাতুন জে’ল–হাজোতত আছে৷ লগতে পুত্র হাৰেজ আলীয়েও গ্রেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলাই ফুৰিবলগীয়া হৈছে৷ এইসমূহ তথ্য আৰ টি আইযোগে পোহৰলৈ আহিছে বুলি অভিযোগ পত্রত উল্লেখ কৰিছে৷ কেলেংকাৰিৰ মূল ষডযন্ত্রকাৰী প্রধান শিক্ষক নুৰ ইছলামক তদন্ত কৰি উপযুক্ত শাস্তি বিহাৰ বিপৰীতে নির্দোষী মাতৃ–পুত্রক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিবলৈ অভিযোগকাৰীসকলে দাবী জনাইছে৷ স্থানীয় ৰাইজে উপায়ুক্তক তদন্ত কৰি প্রকৃত দোষীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে৷