নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ লোকনিৰ্মাণ বিভাগৰ অভিযন্তা দীপক মজুমদাৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ:- ৰঙিয়াত আজি দুৰ্নীতিৰ অভিযোগত লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তেল ডিপোৰ এন‌অ’চি দিয়াৰ নামত এগৰাকী ব্যৱসায়ীৰ পৰা ধন অভিযোগত অভিযন্তাজনক গ্ৰেপ্তাৰ কৰে । ৰঙিয়া থানাৰ 1013/2021 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰে অভিযন্তাজনক । পিছত আৰক্ষীয়ে অভিযন্তাজনক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় । পিছত আদালতৰ পৰা অভিযন্তাজনক জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে অভিযন্তাজনে খনিন মেধি নামৰ ব্যৱসায়ী এজনৰ পৰা তেল ডিপ’ৰ এন‌অ’চি দিয়াৰ নামত ধন দাবী কৰিছিল । অভিযন্তাজনে ধন দাবী কৰা কথাৰ ফোনত অডিঅ’ ৰেকৰ্ডিং কৰিছিল ব্যৱসায়ী খনিন মেধিয়ে । ঘটনা সন্দৰ্ভত মেধিয়ে গোচৰ দিয়াৰ পিছত আৰক্ষীৰ লগতে বিভাগীয় ভাৱেও ঘটনা সন্দৰ্ভত তদন্ত কৰা হয় । এই তদন্তৰ ভিত্তিতে আজি আৰক্ষীয়ে অভিযন্তা দীপক মজুমদাৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় । পিছত আদালতে অভিযন্তাজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।

You might also like