পূৱ চিয়াং জিলাৰ মেৱত ভয়াৱহ খহনীয়া
নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ পূব চিয়াং জিলাৰ অন্যতম মহকুমা হৈছে মেৱ ৷ এই মেৱ মহকুমাত চিয়াং নদীয়ে যোৱা কেইবা মাহৰ পৰা অব্যাহত ৰাখিছে তীব্ৰ গৰা খহনীয়া৷ পূৱ চিয়াং জিলাৰ ভিতৰতে মেৱ মহকুমা পৰিচিত ধান খেতিৰ বাবে৷ ইয়াৰ উপৰিও এই মহকুমাত অন্য বহু শাক পাচলিৰ লগতে আন আন খেতিও প্ৰচুৰ পৰিমানে উৎপন্ন হয়৷ কিন্তু এনে উৰ্বৰা মাটিৰ বাবে পৰিচিত মেৱ আজি সংকটৰ গৰাহত৷ যোবা দুই তিনিবছৰৰ পৰা চিয়াং নদীয়ে এই মেৱ মহকুমাৰ কেবা স্থানত আৰম্ভ কৰিছে তীব্ৰ গৰা খহনীয়া৷ এই বছৰতে ১০ হেজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি চিয়াঙৰ বুকুত জাহ গৈছে৷ চিয়াঙৰ খহনীয়াত বাটপথ, বিদ্যালয়, খেলপথাৰ, শ্মশানঘাট , বনাঞ্চল আদি সকলো জাহ গৈছে৷ যাৰ ফলত মহকুমাটোৰ কেবাখনো গাওঁৰ পৰিয়াল এতিয়া অন্য স্থানলৈ ঢাপলি মেলিছে৷
মূলত চিয়াং নদীখনে যোৱা ২০১৭ বৰ্ষৰ পৰা অস্বাভাৱিক ৰূপ লোৱাত এনে ভয়াৱহ গৰাখহনীয়া হোবা বুলি দাবী কৰিছে মেৱ মহকুমাৰ গাওঁবাসীয়ে৷ চিয়াং নদী গভীৰতা ক্ৰমান্বয়ে হ্ৰাস পোবা আৰু যথেষ্ট পৰিমাণে আৰ্বজনা চিয়াং বুকুত বৈ অহাৰ বাবে চিয়াঙে নিজৰ গতিপথ সলনি কৰিছে যাৰ বাবে মেৱ মহকুমাত তীব্ৰ গৰাখহনীয়া হোৱা বুলিও গাওঁবাসীয়ে মন্তব্য কৰিছে ।
যিহেতু চিয়াং নদীৰ মূল উৎপত্তি চীনৰ তিব্বতত ৷ হয়তু চীন দেশৰ অৰ্ন্তগত চিয়াংৰ বুকুত কিবা বৃহৎ আচঁনিৰ কাম ৰূপায়ন হোবাৰ বাবে চিয়াঙৰ বুকুত চিমেণ্ট আৰু তেল মিশ্ৰিত পানী যোৱা কেইবাবছৰ পৰা দেখা গৈছে৷ যাৰ বাবে চিয়াঙে নিজা পৰিচয় হেৰুৱাই পেলাইছে৷ চিয়াং নদীৰ এই ভয়াৱহ গৰাখহনীয়া ৰোধ কৰিবলৈ মেৱ মহকুমাৰ কেবাখনো গাওঁৰ ৰাইজে নিজে পদক্ষেপ গ্ৰহণ কৰিছে৷
এইক্ষেত্ৰত চিয়াং নামৰ এটা সংস্থাই গাওঁবাসীক স্থানীয় বাবে পোৱা আহিলাৰে এই গৰাখহনীয়া ৰোধ কৰাত সহায় কৰি আহিছে৷ বাঁহৰ পাৰ্কুপাইন আৰু কাঠৰ পাৰ্কুপাইন, শিলৰ বস্তা, বালিৰ বস্তা আৰু লোহা জাল ব্যৱহাৰ কৰি এই ভয়াৱহ গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰি আহিছে গাওঁ বাসীয়ে৷ দিনে নিশাই পুৰুষ মহিলা সকলো দলে দলে উলাই আহিছে এই খহনীয়া ৰোধ কৰিবলৈ৷ বন্ধৰ দিনবোৰতো গাওঁবাসীয়ে চেষ্টা অব্যাহত ৰাখিছে খহনীয়াৰ পৰা নিজা ঘৰ বাৰী আৰু খেতিপথাৰ সুৰক্ষা দিবলৈ৷ কিন্ত এনেদৰে চিয়াঙৰ দৰে খৰস্ৰোতা নদীৰ খহনীয়া ৰোধ কৰাতো মাথো এটা ক্ষন্তেকীয়া৷
চিয়াঙৰ ভয়াৱহ খহনীয়া পৰা মেৱ মহকুমাৰ গাওঁ সমূহক সুৰক্ষা দিবলৈ প্ৰয়োজন বিজ্ঞান সন্মত বৃহৎ আচঁনি যিটো মাথো চৰকাৰ দ্বাৰাহে সম্ভৱ৷ অৰুনাচল চৰকাৰেও চিয়াঙৰ এনে ভয়াৱহ খহনীয়াৰ প্ৰতি লক্ষ্য ৰাখি ৩৫ কোটি টকাৰ এক আচঁনি ঘোষণা কৰিছে৷ মেৱ মহকুমা তথা খহনীয়াত আক্ৰান্ত ৰাইজে চকাৰক দাবী জনাইছে এই আচঁনি সঠিক বাবে ৰূপায়ন কৰাৰ৷ যাতে এন আচঁনিৰ নামত অহা টকাৰ অলপো ইফাল সিফাল নকৰি চিয়াঙৰ খহনীয়াৰ পৰা মেৱক ৰক্ষা কৰিৱলৈ দাবী জনাইছে৷