নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰেল বিভাগৰ মাটিত উচ্ছেদ অভিযানত অপ্ৰীতিকৰ ঘটনা 

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ধুবুৰী চহৰৰ গাতে নিউঘাট অঞ্চলত আজি চলোৱা উচ্ছেদ অভিযানৰ সময়ত এক অপ্ৰিতীকৰ ঘটনাৰ সৃষ্টি হয়। অঞ্চলটোত থকা ৰেল বিভাগৰ মাটিৰ পৰা অৱৈধ দখলদাৰীৰ পৰা মুক্ত কৰিবলৈ অহা প্ৰশাসন আৰু আৰক্ষীৰ দলটোক আগ আগুচি ধৰে উদ্দণ্ড একাংশ দুস্কৃতিকাৰীয়ে। সেই দুস্কৃতিকাৰীৰ দলটোৱে উক্ত স্থানত উপস্থিত থকা কাৰ্যবাহী দণ্ডাধীশগৰাকীৰ সৈতে তৰ্ক–বিতৰ্কত লিপ্ত হয়।

ইয়াৰ মাজতে দুস্কৃতিকাৰীসকলে অকষ্মাতে শিলগুটি দলিয়াই এখন আৰক্ষীৰ বাহনকে ধৰি দলটোৱে উচ্ছেদ চলাবলৈ অনা এখন জেচিবিলৈ শিলগুটি দলিয়াই দুয়োখন বাহনৰ গ্লাছো ভাঙি দিয়ে। এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে যদিও ঘটনাটোস্থলীত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি আৰু আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পিছত পুনৰ আৰম্ভ হয় উচ্ছেদ অভিযান।

ইপিনে উচ্ছেদিত একাংশ লোকে ৰেল বিভাগে উচ্ছেদৰ জাননী দিয়া নাই বুলি দাৱী কৰিছে। আনহাতে তেওঁলোকক বহু পূৰ্বেই ৰেল বিভাগে উচ্ছেদৰ জাননী দিয়াৰ সমান্তৰালকৈ কেইদিনমান পূৰ্বেই ‘এন এফ ৰেলওৱে’ৰ জেনেৰেল মেনেজাৰে স্বয়ং আহি আজিৰ পৰা উচ্ছেদ চলোৱা হ’ব বুলি অৱগত কৰিছিল বুলি জিলা প্ৰশাসনে সদৰি কৰিছে। আনহাতে আজিৰ উচ্ছেদৰ সময়ত ঘটা অপ্ৰিতীকৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকীক ইতিমধ্যে কৰায়ত্ব কৰা হোৱাৰ উপৰিও বাকি কেইজনক ভিডিঅ’ ফুটেজৰ পৰা চিনাক্ত কৰি থকা হোৱা বুলি জনাইছে আৰক্ষী অধীক্ষক গুৰাৱে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like