নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ইউক্লিডৰ মেডিকেল-ইঞ্জিনীয়াৰিং-প্ৰশাসনিক পৰীক্ষাৰ কোচিঙৰ শুভাৰম্ভণি ভৱেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল:-ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত আজি ৰঙিয়াৰ ইউক্লিড গ্ৰুপৰ মেডিকেল, ইঞ্জিনীয়াৰিং আৰু প্ৰশাসনিক পৰীক্ষাৰ কোচিঙৰ শুভাৰম্ভণি কৰে বিধায়ক তথা বিজেপি ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতাই ৷ ব্ৰাইট কোচিঙৰ অধীনত ব্ৰাইট চুপাৰ-৪০ নামেৰে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ কোচিঙৰ লগতে অশোকা আইএএছ একাডেমিৰ সহযোগত ইউপিএছচি, এপিএছচি, বেংকিং, ৰেলৱেসহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে উক্ত কোচিং কেন্দ্ৰ স্থাপন কৰা হয় । উদ্বোধক কলিতাই এনে পদক্ষেপৰ শলাগ লৈ নতুন শিক্ষা নীতিৰ বিষয়ে অবগত কৰায় ৷
উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দ্বিজেন্দ্ৰ নাথ ডেকাই ৷ ইউক্লিডৰ অধ্যক্ষ উজ্জ্বল ডেকাই আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানত ৰঙিয়া মহাবিদ্যালয়ৰ ৰাসায়ন বিভাগৰ অধ্যাপিকা গিতিমনি ডেকা , কমলপুৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নজৰুল ইছলাম, ইউক্লিডৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰমোদ ডেকা , মোতিভেটৰ ৰঞ্জন কুমাৰ বৰুৱা আৰু অশোকা আইএএছ একাডেমিৰ মুখ্য বিষয়া ঋষভ প্ৰতিক আৰু হানী ভূঞাই উপস্থিত থাকি সাৰুৱা বক্তব্য দাঙি ধৰে । অভিনেত্ৰী মল্লিকা শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰশিক্ষক হিতেন্দ্ৰ শৰ্মা, কবি হেমন্ত কলিতা, আৰিমত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নয়নজ্যোতি দাস, যোগাচাৰ্য জ্যোতিষ কলিতা, যুৱনেতা কৰেন্দ্ৰ কলিতা, অধিবক্তা অচ্যুত কলিতা আৰু মহম্মদ গুলফাম ৷ উক্ত মঞ্চত ইউক্লিডে আয়োজন কৰা নামনি অসমৰ প্ৰথম প্ৰতিভা বিকাশৰ পৰীক্ষাৰ পোন্ধৰ গৰাকী স্থান প্ৰাপকক নগদ ধন গামোছা , জাপি , প্ৰমাণপত্ৰ আৰু এজোপাকৈ গছপুলিৰে সম্বৰ্ধনা জনায় ৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশন কৰা সমবেত সংগীতে সকলোকে মুগ্ধ কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি অধ্যক্ষ ৰেকিব আহমেদে ইউক্লিডৰ যাত্ৰাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সাফল্য সন্দৰ্ভত বক্তব্য আগবঢ়ায় । শেষত অভিনেত্ৰী ভ্ৰান্তি মেধিৰ নৃত্য আৰু মিচ মমিৰ গীতৰ সাংস্কৃতিক অনুষ্ঠানে সকলোকে আপ্লুত কৰে । 
You might also like