নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ গোবিন্দপুৰ সত্রত গৰুৰ ব্যতিক্রমী সৌন্দর্য প্রতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ চহা জীৱনৰ সৈতে জড়িত বিভিন্ন সা–সৰঞ্জাম, আহিলাৰে সজাই–পৰাই তোলা মুকলি আকাশৰ তলত একব্যতিক্রমী ৰেম্প য’ত লয়লাস ভংগীৰে আগবঢ়াই অনা হ’ল পাট–মুগাৰে সু–সজ্জিত শুকুলা, কজলা, মুগা, পখৰা আদি ভিন্নৰঙী, বিভিন্ন ধৰণে ন–সাজ পৰিহিত গো–ধন৷ প্রতিবছৰৰ দৰে ৰঙালী বিহুৰ প্রথমদিনাই বজালীৰ ঐতিহ্যমণ্ডিত গোবিন্দপুৰ সত্রত এইবেলিও অনুষ্ঠিত হ’ল গৰুৰ সৌন্দর্য প্রতিযোগিতা৷

এই সৌন্দর্য প্রতিযোগিতাখন চাবলৈ ভিৰ কৰেবজালীৰ বিভিন্ন প্রান্তৰ শ শ লোকে৷ ডল্লেখ্য যে ষষ্ঠদশ বর্ষত ভৰি দিয়া বজালীৰ এই গৰুৰ সৌন্দর্য প্রতিযোগিতাখনে ইতিমধ্যে ৰাজ্যৰ ভিতৰতে প্রথমখন ব্যতিক্রমী গৰুৰ সৌন্দর্য প্রতিযোগিতা হিচাপে চিহ্ণিত হৈছে৷ ১৪৭০ শকতে বজালীৰ গোবিন্দপুৰত স্থাপন হোৱা ঐতিহ্যমণ্ডিত সত্রখনৰ শ্রীশ্রীশ্যামৰায় মন্দিৰৰ বাকৰিত গৰু বিহুৰ দিনাখন অনুষ্ঠিত হোৱা গৰুৰ সৌন্দর্য প্রতিযোগিতাখন চাবৰ বাবে প্রতিবছৰে লোকাৰণ্য হৈ পৰে সত্রৰ বাকৰি৷ এইবেলিও গৰু বিহুৰ দিনাখন আবেলি অনুষ্ঠিত প্রতিযোগিতাখনত লোককলা সঁজুলিৰে নির্মাণ কৰা হয় আটকধুনীয়া ৰেম্প৷

মূল মঞ্চৰ ডপৰি ধুতী–গামোচাৰ লগতে বাঁহেৰে তৈয়াৰী ৰেম্পটো আকর্ষণীয় কৰি তোলা হয় নাঙল, গৰুগাডী, জাপি, মৈ, ৰইনা, তাঁত শাল, চেৰেকী, খৰাহি, দলা, পাচি, লাও, বেঙেনা, মাখিয়তি পাত, দীঘলতি পাত, কপৌফুল আদি অসমীয়া গ্রাম্য চহা জীৱনৰ অমূল্য পৰম্পৰাগত সম্পদৰে৷ অসমীয়া সংসৃকতিৰ বিভিন্ন সামগ্রীৰে সজোৱা ৰেম্পত কৃষকসকলে প্রতিযোগী গো–ধনক লৈ অহাৰ লগে লগে বিহুৱা দলৰ সহযোগত ঢোল, পেঁপা, গগনাৰ শব্দৰ তালে তালে ডপস্থিত ৰাইজে কৰতালিৰে অভিবাদন জনাই গায়– লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা৷

স্মর্তব্য যে ২০০৫ বর্ষৰ পৰা প্রতিবছৰে উক্ত প্রতিযোগিতাত অংশগ্রহণ কৰিবৰ বাবে বজালীৰ বিভিন্ন প্রান্তৰ কৃষক ৰাইজে পুৱাতে নৈ, বিল আদিলৈ নিজৰ গো–ধনক লৈ যায় আৰু মাহ–হালধিৰে গা ধোৱাই, শিঙত মিঠা তেল লগাই, লাউ–বেঙেনাৰ মালাৰে তৈয়াৰ কৰি গাত নতুন পঘা দিয়ে৷ লক্ষণীয় যে গঞা কৃষকক বিহুৰ সৈতে একাকাৰ কৰাৰ উদ্দেশ্যে সমিতিয়ে এই প্রতিযোগিতাখনৰ আয়োজন কৰি আহিছে৷

আটকধুনীয়া ৰেম্পত সাজি উলিওৱা তথা পুৰুষৰ লগতে মহিলা প্রতিযোগীয়েও অংশগ্রহণ কৰা এই প্রতিযোগিতাখন উদ্বোধন কৰে পাটাছাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি ৰিংকু গোস্বামীয়ে৷ মণিদীপ গোস্বামীয়ে আঁত ধৰা গৰুৰ সৌন্দর্য প্রতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে পশু চিকিৎসক ডাঃ হিতেশ পাঠক, বিশিষ্ট গো–পালক ৰামনাথ কলিতা আৰু ভাৰত কলিতা৷

অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা অহা গো–পালকসকলে নিজ নিজ গো–ধনেৰে অংশগ্রহণ কৰা প্রতিযোগিতাখনত ক্রমে গোবিন্দপুৰৰ সত্য দাস, ৰমণী কলিতা আৰু ভবেন দাসৰ বলধ হালে প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ সত্রৰ মন্দিৰৰ ভিতৰত বিগত কেইবাবছৰ ধৰি নিৰন্তৰে জ্বলি থকা এগছি অক্ষয় বন্তিয়ে বিশেষত্ব প্রদান কৰি অহা ঐতিহ্যমণ্ডিত সত্রখনত গৰুৰ সৌন্দর্য প্রতিযোগিতাৰে আৰম্ভ হোৱা এই বিহুৰ অন্য এক পৰম্পৰা পাউৰাতোলা উৎসৱ ছয় ব’হাগত উদ্যাপন কৰা হ’ব৷

You might also like