অব্যাহত হাত দঙা পৰ্ব : ঘোচ লৈ গ্ৰেপ্তাৰ শিলচৰৰ কাৰ্যবাহী অভিযন্তা
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী। এইবাৰ শিলচৰ আৰু উধাৰবন্দ আঞ্চলিক গড়কাপ্টানী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। শনিবাৰে কাৰ্যালয়টোৰ কম্পিউটাৰ অপাৰেটৰ শ্ৰীবাস ঘোষে পাঁচ হাজাৰ টকা লোৱাৰ সময়তে ভিজিলেন্স টিমৰ সদস্যৰ হাতত ৰঙা হাতেৰে ধৰা পৰে। অভিযোগকাৰীক তৃতীয় শ্রেণীৰ ঠিকাদাৰৰ লাইচেঞ্চ আৰু শ্ৰম বিভাগৰ শ্রমিক অনুজ্ঞাপত্র বাবদ ৮ হাজাৰ টকা ঘোচ বিচাৰিছিল অপাৰেটৰগৰাকীয়ে। কৰ্মচাৰীগৰাকীয়ে গড়কাপ্টানী বিভাগৰ কম্পিউটাৰ কোঠালিৰ বাহিৰত টকা পাচঁ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে আটক কৰে। উল্লেখ্য, মুখ্যমন্ত্রীৰ নির্দেশনাত শূন্য সহনশীল ৰাজ্য গঢ়াৰ বাবে আৰক্ষী আৰু ভিজিলেন্সে অহৰহ যুঁজ দি আছে৷ কিন্তু ইয়াৰ পাছতো চৰকাৰী কাৰ্যালয়ত এই অপৰাধ বন্ধ হোৱা নাই। জানিব পৰা মতে, এইদিনা কৰ্মচাৰীগৰাকীক আটক কৰাৰ পিছত দুৰ্নীতি নিবাৰক শাখাই কেইবাঘন্টা জেৰা চলায়। ইপিনে কৰ্মচাৰী গৰাকীক আটক কৰাৰ পিছত অসম আৰক্ষীৰ ডিজিপি জি পি সিঙে টুইট কৰি ঘটনাটো সদৰী কৰে।
প্ৰেৰক গৌতম তালুকদাৰ